ETV Bharat / state

ডিব্ৰুগড়ত একাংকিকা নাট মহাৰণ উদ্বোধন কৰিলে বলিউড অভিনেতা ৰাজা মুৰাদে - Drama Competition

Raja Murad in Dibrugarh : তিনিদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত বিশাল একাংকিকা নাট মহাৰণ উদ্বোধন কৰিলে বলিউডৰ ছুপাৰষ্টাৰ ৰাজা মুৰাদে ৷ ডিব্ৰুগড় ৰাইজৰ আতিথ্য দেখি অভিভূত হোৱাৰ কথা ক'লে অভিনেতা গৰাকীয়ে ৷

Raja Murad in Dibrugarh
ডিব্ৰুগড়ত একাংকিকা নাট প্ৰতিযোগিতা
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:08 PM IST

ডিব্ৰুগড়ত নাট মহাৰণ উদ্বোধন অভিনেতা ৰাজা মুৰাদৰ

ডিব্ৰুগড়, 5 জানুৱাৰী : এটা সময়ত নাটক, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত আছিল ডিব্ৰুগড় চহৰ ৷ কিন্তু কালক্ৰমত ডিব্ৰুগড়ৰ পৰা মঞ্চ নাটকৰ মাদকতা হেৰাই গৈছিল ৷ কিন্তু ইয়াৰ মাজতে বিশাল একাংকিকা নাট মহাৰণ অনুষ্ঠিত কৰি ডিব্ৰুগড়ত নাটকৰ নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছে ৷

আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে নাট মহাৰণ ৷ থানেশ্বৰ বৰা আৰু সৱিতা বৰা স্মৃতি ন্যাসৰ সৌজন্যত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা ৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই একাংকিকা নাট উদ্বোধন কৰিলে প্ৰখ্যাত অভিনেতা তথা বলিউডৰ ছুপাৰষ্টাৰ ৰাজা মুৰাদে ৷ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নাট মহাৰণত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও নাট্য গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে ৷

ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাট্যদল সমূহকহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হৈছে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰখ্যাত অভিনেতা ৰাজা মুৰাদে ডিব্ৰুগড়ৰ ৰাইজৰ আতিথ্য দেখি অভিভূত হৈ পৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ আগতে এনেধৰণৰ আতিথ্য কেতিয়াও দেখা নাই বুলি প্ৰকাশ কৰে অভিনেতাজনে ৷ লগতে তেওঁৰ পত্নীয়ে অসমৰ পৰা জহা চাউল আৰু মচলা নিবলৈ কোৱা বুলিও উল্লেখ কৰে ৰাজা মুৰাদে ৷

এই অনুষ্ঠানত থানেশ্বৰ বৰা আৰু সৱিতা বৰাৰ সন্তান কিশোৰ বৰা, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাৰ লগতে কেইবাজনো বিশিষ্ট নাট্যকাৰ, বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত বলিউডৰ অভিনেতা গৰাকীক বিহুৰে উষ্ম আদৰণি জনায় ৷ বলীউডৰ প্ৰখ্যাত অভিনেতা ৰাজা মুৰাদে ডিব্ৰুগড়ৰ বিমানবন্দৰত কঁকাল ভাঙি বিহু নচাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : পুৰণি বলাইত কাৰেংঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.