ETV Bharat / state

এখন সভাৰেই সামৰণি পৰিল মৰাণৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ ব’হাগী মহোৎসৱ

author img

By

Published : Apr 28, 2021, 7:44 PM IST

কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মৰাণৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই বাতিল কৰিলে একাদশ বাৰ্ষিক সন্মিলিত ব’হাগী মহোৎসৱ অনুষ্ঠান ৷ ২৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা কাৰ্যসূচী সমূহ বাতিল কৰি তিলৈজানত পতাকা উত্তোলন আৰু এখনি সভা অনুষ্ঠিত কৰি ব'হাগী মহোৎসৱ অনুষ্ঠানটিৰ সামৰণি মাৰে আয়োজক সমিতিয়ে ৷

bohagi-mohotsab-ended-only-with-a-meeting-inmoran-etv-bharat-news
এখনি সভা পাতিয়েই সামৰণি মাৰিলে মৰাণ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ ব'হাগী মহোৎসৱ

মৰাণ, 28 এপ্ৰিল : কৰ'ণাই যেন আশাত চেঁচাপানী ঢালিলে বিহু সমিতি সমূহক । ইখনৰ পিচত সিখনকৈ বিহু সন্মিলন বাতিল কৰা হৈছে কৰ'ণাৰ বাবে । অন্যান্য ঠাইৰ লগতে মৰাণৰ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত ২৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা একাদশ বাৰ্ষিক সন্মিলিত বহাগী মহোৎসৱ সাধাৰণভাৱে এখন সভা অনুষ্ঠিত কৰিয়েই মঙলবাৰে সামৰণিমাৰে আয়োজক সমিতিয়ে । তিলৈজান ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা এই মহোৎসৱত মৰাণৰ ৬ টাকৈ জাতীয় সংগঠন একত্ৰিত হৈ প্ৰাৰম্ভিক বহু কাম আগবঢ়াই নিছিল ।

কিন্তু কৰ'ণাৰ বাবে সকলো বাতিল কৰি তিলৈজানত পতাকা উত্তোলন কৰাৰ লগতে এখনি সভা অনুষ্ঠিত কৰি মৰাণ অঞ্চলৰ সাংবাদিকসকলক ফুলাম গামোচা আৰু একোটিকৈ চাহপাতৰ টোপোলা দি ব'হাগী মহোৎসৱ অনুষ্ঠানটিৰ সামৰণি মাৰে । ইফালে আয়োজক সমিতিয়ে জানোৱা মতে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই বহাগী মহোৎসৱখনিলৈ যি মাননি দিয়াৰ কথা কৈছিল সেই মাননি আয়োজক সমিতিয়ে নলৈ ব্যৱসায়ী সন্থাক কৰ'ণা মহামাৰীৰ বাবে চৰকাৰলৈ আগবঢ়াবৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : ৰাজ্যত বৃহৎ প্ৰাবল্যৰ ভুমিকম্পৰ জোকাৰণি: আতংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.