মৰাণ, ২৯ আগষ্ট: সমাগত ২৪ৰ লোকসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিয়ে দলীয় কাম-কাজ আৰম্ভ কৰাৰ বাবে তৎপৰ হৈছে । ৰাজ্যিক বিজেপিৰ নেতৃত্বই সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ বাবে নিৰ্দেশ দিছে বিজেপি নেতা কৰ্মী সকলক। ইয়াৰ পাছতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ডিব্ৰুগড় বিজেপি । মঙলবাৰে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ প্ৰতিনিধিৰ লগতে বুথ কমিটীৰ সদস্য সকলৰ উপস্থিতিত চহৰখনৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয় বিজেপিৰ ভোটাৰ চেতনা অভিযান কাৰ্যসূচী ।
এই অভিযানৰ লক্ষ্য় হৈছে ১৮ বছৰৰ ওপৰৰ যুৱক-যুৱতী সকলক নতুনকৈ ভোটাৰ হিচাপে আবেদনৰ যোগেদি অন্তৰ্ভুক্ত কৰা আৰু যদি কোনো ব্যক্তিৰ মৃত্যু হৈছে তেনে ব্যক্তিৰ নাম কৰ্তন কৰা । ইয়াৰ উপৰি কোনো যুৱতী অন্য ঠাইলৈ বিবাহ হৈ গৈছে তেনে যুৱতীক এই বিধানসভা সমষ্টিৰ পৰা নাম কৰ্তন কৰা আৰু অন্য ঠাইৰ পৰা বিবাহ সূত্ৰে যুৱতীয়ে এই সমষ্টি লৈ বিবাহ হৈ আহিছে তেনে যুৱতীক ভোটাৰ তালিকাত নাম সমূহ অন্তৰ্ভুক্ত কৰা আদি বিষয়ত কেনেকৈ বিজেপি কৰ্মী সকলে কাম কৰিব সেই বিষয়ে আজি "ভোটাৰ চেতনা অভিযান" কাৰ্যসূচীত অৱগত কৰা হয় বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতা সকলক।
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকনৰ লগতে দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে । এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কয়,"আজিৰে পৰা সমাগত লোকসভা নিবাৰ্চনৰ বাবে বিজেপি কৰ্মী সকলে কাম কৰিব । কেনেকৈ ৰাইজৰ মাজলৈ গৈ কাম কৰিব লাগিব সেই বিষয়ে কৰ্মী সকলক প্ৰশিক্ষণ দিয়া হৈছে ।"
উল্লেখ্য় যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে । ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ কাম নির্বাচন আয়োগে আৰম্ভ কৰাৰ সমান্তৰালভাৱে বিজেপিয়ে অসমত ভোটাৰ চেতনা অভিযান আৰম্ভ কৰিছে । আজিৰ পৰা অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ভোটাৰ তালিকা সংশোধনীৰ লগতে নতুন নাম অন্তর্ভুক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন আৰু স্থানান্তকৰণ যাতে সুকলমে হ’ব পাৰে তাৰ বাবে বিধানসভা সমষ্টিৰ ভিত্তিত একোখনকৈ কর্মশালা অনুষ্ঠিত কৰিছে ।
লগতে পঢ়ক:Angoorlata Deka in Tezpur:ই-ৰিক্সা চালকৰ ৰূপত বিজেপি নেত্ৰী আঙুৰলতা ডেকা