মৰাণ, 14 নৱেম্বৰ: নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা । বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে শাসক দল বিজেপিয়ে আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা । অসমৰ প্ৰায়বিলাক সমষ্টিতে বিজেপি নেতা কৰ্মীয়ে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো স্তৰতে দলীয় ভেটি সৱল কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে মৰাণতো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ । মৰাণত এইবাৰ অসম গণ পৰিষদৰ অস্তিত্ব শেষ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈছে ৷ মৰাণত বৰ্তমানৰ বিধায়ক চক্ৰ গগৈৰ বিকল্প নেতা ৰাজ্যিক বিজেপিয়ে সন্ধান কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া মৰাণ বিধানসভা সমষ্টিত কেইবাজনো হেভি ৱেইট পাৰ্টীয়ে মৰাণৰ গাঁৱে গাঁৱে ঘুৰি ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, ২০১৬ চনত মোডী ঢৌত জয় হোৱা চক্ৰ গগৈৰ কাম কাজক লৈ ৰাজ্যিক নেতৃত্ব বৰ সুখী নহয় বুলি দলীয় এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা হৈছে । তদুপৰি সমষ্টিটোৰ বহু জ্যেষ্ঠ কৰ্মীয়েই পুনৰ গগৈ বিধায়ক হোৱাটো বিচৰা নাই বুলি জানিব পৰা হৈছে । এই বাৰ্তা দলীয় নেতৃত্বৰ কাণত পেলাইছে গগৈৰ বিৰোধী এটা শিবিৰে । আনহাতে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন কাৰণত দলীয় কিছু নেতা কৰ্মীৰে দূৰত্ব বৃদ্ধি পাইছে বিধায়কজনৰ । বিধায়ক চক্ৰ গগৈৰ কিছু সমৰ্থকে ছ’চিয়েল মিডিয়াত বিধায়কজন মৰাণ সমষ্টিৰ বাবে উপযুক্ত বুলি বিভিন্ন যুক্তি প্ৰদশৰ্ন কৰি থকাৰ সময়তে খবৰ আহিছে উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ শিক্ষাবিদ ড0 দয়ানন্দ বৰগোহাঁই আৰু অসম হাউচিং বৰ্ডৰ উপাধ্যক্ষৰ লগতে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই সমষ্টিটোৰ পৰা টিকট লাভৰ বাবে ৰাজ্যিক বিজেপিৰ লগত সঘনে যোগাযোগ ৰক্ষা কৰিছে ।
এইবাৰ মৰাণত আহোম সম্প্ৰদায়ৰ এজনক বিজেপিয়ে টিকট দিব বুলি খবৰ ওলোৱাত দুজন নেতাই নিজকে যোগ্য বুলি ৰাজ্যিক নেতৃত্বৰ ওচৰত প্ৰমান দিবলৈ চেষ্টা চলাইছে । ইয়াৰ উপৰিও জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক অচ্যুত ফুকন, জিলাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰশান্ত গগৈ , ডিব্ৰুগড় জিলাৰ অনুসুচিত জাতিৰ মৰ্চাৰ অসীম হাজৰিকা,পৰাগ দত্ত, ভাস্কৰ বৰুৱা আদি কেইবাজনো নেতাই এইবাৰ মৰাণ সমষ্টিৰ পৰা টিকট বিচাৰিব বুলি দলীয় কৰ্মীৰ মাজত চৰ্চা চলিছে । লগতে ড0 দয়ানন্দ বৰগোহাঁই শিক্ষা বিভাগৰ লগত বৰ্তমান জড়িত হৈ থাকিও গুৱাহাটীৰ পৰাই সমষ্টিৰ বহু জ্যেষ্ঠ কৰ্মী, দল সংগঠনৰ নেতৃত্বৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছে । ইফালে বৰ্তমান বিধায়কজনেও দ্বিতীয়বাৰলৈ সমষ্টিটোৰ পৰা বিধায়ক হোৱাৰ আশা এৰি দিয়া নাই । সপত্নীক লগত লৈ বিধায়কজনে প্ৰতি দিনেই সমষ্টিত ঘূৰিছে । ৰাজ্যিক নেতৃত্বক সন্তুষ্ট কৰিবলৈ ৰিপৰ্ট কাৰ্ড বনোৱাত ন ন কৌশল অৱলম্বন কৰিছে বিধায়কজনে । কিন্তু দলীয় নেতৃত্বক সন্তুষ্ট কৰি সমষ্টিটোৰ পৰা কোনে লাভ কৰে বিজেপি দলীয় টিকট, সেয়াহে হ'ব লক্ষ্যণীয় ।
শাসনত থকাৰ পাছতো বিজেপি দলে সমষ্টিটোত যি ধৰণেৰে বিভিন্ন কাৰ্যসূচীৰে দলীয় কাম কাজ আৰম্ভ কৰিছে তাৰ তুলনাত বিৰোধী কংগ্ৰেছ দলৰ মৰাণত নাই কোনো ৰাজনৈতিক কুছকাৱাজ । তথাপিও দুই এজন নেতাই মৰাণ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিবলৈ তৎপৰ হোৱা বুলি জানিব পৰা হৈছে । আনহাতে পৱন সিং ঘাটোৱাৰ পৰিয়ালে আজিও এৰিব পৰা নাই মৰাণ সমষ্টিৰ মোহ । ঘাটোৱাৰ পৰিয়ালৰ পৰা প্ৰাঞ্জল ঘাটোৱাৰে এইবাৰ মৰাণত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা অধিক । যদিহে ঘাটোৱাৰ পৰিয়ালে নিৰ্বাচন খেলাৰ পৰা আঁতৰি থাকে তেতিয়া হেম ফুকন নতুবা বিজিত সন্দিকৈ কোনোবা এজনেই কংগ্ৰেছ দলৰ হৈ যে প্ৰতিদ্বন্দিতাত নামিব কেৱল মাত্ৰ দলীয় অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত ।
বিজেপি,কংগ্ৰেছ দলৰ সমান্তৰালভাৱে মৰাণত অসম গণ পৰিষদ দলেও দলীয় কাম কাজ কিছু পৰিমাণে অব্যাহত ৰাখিছে । মৰাণত অসম গণ পৰিষদৰ এটা পুৰণি গণ ভেঁটী আজিও কিছু পৰিমাণে সজীৱ হৈ আছে । কিন্তু আজি পৰ্যন্ত দলৰ ভিতৰ চ’ৰাত নিৰ্বাচনক লৈ কোনো আলোচনা নোহোৱাত হতাশ হৈছে দলীয় কৰ্মীসকল । মৰাণ সমষ্টি এইবাৰ অসম গণ পৰিষদক এৰি দিব বুলি দলীয় কৰ্মী সকলে আশা কৰিছে যদিও সেইয়া কিমান দূৰ হৈ উঠে শীঘ্ৰে সেইয়া স্পষ্ট হ’ব । যদি এইবাৰ মৰাণৰ আসনখন অসম গণ পৰিষদক দিয়া নহয় তেতিয়া হ'লে কোনোকালে মৰাণত অসম গণ পৰিষদ দলৰ হৈ কোনো বিধায়ক বিধানসভালৈ যোৱাটো সম্ভৱ নহ'বগৈ । মুঠৰ ওপৰত মৰাণত এইবাৰে শেষ হ'ব পাৰে অসম গণ পৰিষদৰ অস্তিত্ব ।
লগতে পঢ়ক: বৈজয়ন্ত পাণ্ডাক অসমত বিজেপিৰ নতুন প্ৰভাৰী নিযুক্তিঃ দিলীপ শইকীয়াক দুখন ৰাজ্যৰ দায়িত্ব