ETV Bharat / state

টিংখাঙত কেইবাটাও জাতীয় সংগঠনৰ নেতাৰ বিজেপিত যোগদান - কৃষক মুক্তি সংগ্ৰাম সমিতি

অসমৰ ভিন্ন প্ৰান্তত জাতীয় সংগঠনসমূহৰ বহু নেতাই যোগদান কৰিছে বিজেপিত । এইবাৰ ডিব্ৰুগড় জিলাৰ আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ নেতাই যোগদান কৰিলে বিজেপিত ।

BJP joining program
টিংখাঙত কেইবাটাও জাতীয় সংগঠনৰ নেতাৰ বিজেপিত যোগদান
author img

By

Published : Oct 3, 2021, 12:45 PM IST

টিংখাং, ৩ অক্টোবৰ : ঘোষণা কৰা হৈছে অসমৰ উপ-নিৰ্বাচনৰ (Bye election) সময়সূচী । ইয়াৰ লগে লগে পুনৰ আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি । শেহতীয়াকৈ বিভিন্ন দলে যোগদান কাৰ্যসূচীও আৰম্ভ কৰিছে । ডিব্ৰুগড় জিলাৰ টিংখাঙতো বিজেপি (BJP) দলে আয়োজন কৰিছে এক যোগদান কাৰ্যসূচীৰ ।

আছুৰ (AASU) প্ৰাক্তন সভাপতিসহ কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীয়ে এই যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে । টিংখাঙৰ লেঙেৰীত বিজেপি লেঙেৰী মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত টিংখাঙৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা (Minister Bimal Bora) উপস্থিত থাকে ।

BJP joining program
টিংখাঙত কেইবাটাও জাতীয় সংগঠনৰ নেতাৰ বিজেপিত যোগদান

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ লেঙেৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা জিলা সমিতিৰ সাংগঠনিক সম্পাদক জয়প্ৰকাশ গগৈ, আহোম জাতীয় গণমঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি বুলেন গগৈ, যুৱ-ছাত্ৰ পৰিষদ টিংখাং আঞ্চলিক সমিতিৰ সহকাৰী সম্পাদক বিজু চাংমাই , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ গগৈ আৰু লেঙেৰী আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অৰুণ সোণোৱালে ।

লগতে আহোম জাতীয় গণমঞ্চ লেঙেৰী আঞ্চলিক সমিতিৰ উপ-সভাপতি পুলকেশ গগৈ, যুৱ কংগ্ৰেছ (Youth Congress) ধমন মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেবানন্দ গগৈ, যুৱ কংগ্ৰেছী জিংকু গগৈ, আহোম জাতীয় গণমঞ্চৰ নিত্যা সন্দিকৈ, মৃদুল গগৈ, পাৰ্থপ্ৰতিম গোহাঁই, মৃদুল শইকীয়া, টুলটুল বৰুৱা, প্ৰণৱজ্যোতি গগৈ, সুমিত গগৈ, উমানন্দ চুতীয়া, সৌৰভ গগৈয়েও ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । যোগদান কৰা সকলক মন্ত্ৰী বিমল বৰাই দলীয় গামোচা আৰু টুপীৰে উষ্ম আদৰণি জনায় ।

লগতে পঢ়ক:কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.