ETV Bharat / state

মন্ত্ৰী যোগেন মহনৰ বাসগৃহত বিজেপিত যোগদান কাৰ্যসূচী

author img

By

Published : Nov 7, 2020, 7:49 AM IST

মন্ত্ৰী জনে প্ৰত্যেক দিনাই নিজ বাসগৃহতে অনুষ্ঠিত কৰি আহিছে যোগদান সভা ৷ 2021 ৰ নিৰ্বাচনলৈকে এই কাৰ্যসূচী চলি থাকিব বুলি জনাইছে মন্ত্ৰী গৰাকীয়ে ৷

BJP joining program at Minister Jogen Mohan residence
মন্ত্ৰী যোগেন মহনৰ বাসগৃহত বিজেপিত যোগদান কাৰ্যসূচী

মৰাণ, 7 নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা ৷ সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছেহি টিকট প্ৰত্যাশী নেতাই ৷ সমান্তৰালকৈ নিজৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিটো সমষ্টিতে তৎপৰ হৈ পৰিছে ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা "অসম জাতীয় পৰিষদ" আৰু "ৰাইজৰ দল" ৷ ইয়াৰ মাজতে উজনি অসমৰ শক্তিশালী বিজেপি নেতা তথা "ৰাজহ আৰু ৰাজ্যক গড়কাপ্তানী বিভাগ"ৰ মন্ত্ৰী যোগেনৰ মহনৰ ব্যতিক্ৰমী কৰ্মপন্থাই উৎসাহী কৰি তুলিছে মৰাণ আৰু মাহমৰা বিজেপি দলৰ কৰ্মী সকলক ৷

মন্ত্ৰীজনে অন্য ৰাজনৈতিক দলক চেৰ পেলাই মৰাণৰ নিজ বাসগৃহত প্ৰতিদিনে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী ৷ মন্ত্ৰীজনে জানিবলৈ দিয়া মতে কংগ্ৰেছ, অসম গণ পৰিষদ দলৰ ওপৰিও বিভিন্ন জাতীয় জনগোষ্ঠীৰ নেতা কৰ্মীয়ে তেওঁৰ বাস গৃহত আহি বিজেপি দলত যোগদান কৰিছেহি ৷ 2021ৰ নিৰ্বাচনলৈকে এই কাৰ্যসূচী চলাই নিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে,মন্ত্ৰী জনৰ নিজৰ মাহমৰা সমষ্টিত অসম জাতীয় পৰিষদৰ যথেষ্ট প্ৰভাৱ থকা পৰিলক্ষিত হৈছে ৷ কাৰণ মৰাণৰ মাহমৰাত আছু আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ ভেঁটি শক্তিশালী ৷ তেনেস্থলত সমাগত নিৰ্বাচনত মন্ত্ৰীজন যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই কথা স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়কঃ আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.