ETV Bharat / state

বিজেপি নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য - BJP central leader J P Nadda

মঙলবাৰে গুৱাহাটীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সভাত জে পি নাড্ডাই 'কা' আইন বলৱৎ কৰাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সদম্ভে ঘোষনা কৰাৰ পাচতে ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে ৷ প্ৰতিখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজতো উঠিছে প্ৰতিবাদৰ ঢৌ ৷

বিজেপি নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য

author img

By

Published : Mar 23, 2021, 10:39 PM IST

ডিব্ৰুগড়,23 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথো তিনিটা দিন থকা সময়তে বিজেপিৰ কেন্দ্ৰীয় নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য ৷ মঙলবাৰে গুৱাহাটীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সভাত জে পি নাড্ডাই 'কা' আইন বলৱৎ কৰাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সদম্ভে ঘোষনা কৰাৰ পাচতে ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে ৷ প্ৰতিখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজতো উঠিছে প্ৰতিবাদৰ ঢৌ ৷

বিজেপি নেতা জে পি নাড্ডাৰ মন্তব্যই কপাঁইছে ৰাজ্য

আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত ছাত্ৰ-ছাত্ৰী সকলে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী। জে পি নাড্ডা ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে। "কা" আমি নামানো, বিজেপি চৰকাৰ গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ জে পি নাড্ডাৰ এই স্বৈৰাচাৰী মন্তব্যক প্ৰত্যাহ্বান জনাই ছাত্ৰ-ছাত্ৰী সকলে কয়, ৫ জন শ্বহীদৰ প্ৰাণ লোৱা বিজেপি চৰকাৰক, এইবাৰ স্বাভিমানী অসমীয়াই শ্বহীদৰ বুকু ভেদা প্ৰত্যেকটো বুলেটৰ উত্তৰ বেলট পেপাৰত দিব। জেপি নাড্ডা নালাগে আন কোনো প্ৰভাৱশালী নেতা আহিলেও অসমত কোনো কালেই 'কা' আইন বলৱৎ হ'বলৈ দিয়া নহ'ব ৷

ইফালে, পশ্চিম বংগৰ নিৰ্বাচনী সভাত দেশৰ গৃহমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা প্ৰত্যেক শৰণাৰ্থী পৰিয়ালক প্ৰতি মাহে ১০,০০০ টকাকৈ দিম বুলি ৰাজহুৱাকৈ যি ঘোষণা কৰিলে, সিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে অসমীয়া খিলঞ্জীয়া মানুহৰ আত্ম ৰক্ষাৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰুক্ষেপ নাই । ৮৬০ জন ছহীদৰ কেঁচা তেজৰ ফলত হোৱা অসম চুক্তিক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে যি হিটলাৰী শাসন চলাইছে, তাৰ যথোচিত প্ৰত্যুত্তৰ অসমীয়াই দিব বুলি সকীয়ণি দিয়ে ছাত্ৰ-ছাত্ৰীসকলে।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.