ETV Bharat / state

‘মৃতভাষ’ৰ স্ৰষ্টা ড৹ নগেন শইকীয়াৰ 83 সংখ্যক ওপজা দিন

author img

By

Published : Feb 11, 2021, 9:36 PM IST

অসমীয়া ভাষা-সাহিত্য জগতৰ মহীৰূহ ব্যক্তি ড৹ নগেন শইকীয়াৰ 83 সংখ্যক জন্মদিন উদযাপন ৷ ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ পথত থকা বৰ্ণমালা বাসগৃহত যথেষ্ট সংখ্যক সাহিত্যনুৰাগীয়ে ফুলাম গামোচা, ফুলৰ থোপাৰ লগতে কেক্ কাটি বৃহস্পতিবাৰে উদযাপন কৰে সাহিত্যিক গৰাকীৰ ওপজা দিন ৷

birth-anniversary-of-dr-nagen-saikia
ড৹ নগেন শইকীয়াৰ ওপজা দিন

মৰাণ,11 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে উদযাপন কৰা হয় ‘মৃতভাষ’ৰ স্ৰষ্টা তথা অসমীয়া ভাষা-সাহিত্য জগতৰ এগৰাকী মহীৰূহ ব্যক্তি ড৹ নগেন শইকীয়াৰ 83 সংখ্যক জন্মদিন ৷

ওপজা দিনৰ উপলক্ষে ডিব্ৰুগড়ৰ পূব মিলন নগৰৰ পথত থকা বৰ্ণমালা বাসগৃহত যথেষ্ট সংখ্যক সাহিত্যনুৰাগীয়ে ফুলাম গামোচা, ফুলৰ থোপাৰ লগতে কেক্ কাটি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে সাহিত্যিক গৰাকীক । ইয়াৰ লগতে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰাও তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰা হয় ।

ড৹ নগেন শইকীয়াৰ ওপজা দিন

1939 চনত 11 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী বৰেণ্য় ব্যক্তিয়ে ছাত্ৰাৱস্থাৰ পৰাই অসমীয়া ভাষা-সাহিত্যলৈ বিভিন্ন গল্প, অনুবাদ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ, ৰচনাৰে অমূল্য অৱদান আগবঢ়াই থৈ আহিছে ৷

তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত উনবিংশ শতিকাত অসমীয়া ভাষা সংকট, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা, গৱেষণা পদ্ধতি পৰিচয়, তুলনামূলক সাহিত্য বিচাৰ, গল্পপুথি- কুবেৰ হাতীবৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কোঠাত ধুমুহা, মাটিৰ চাকি, অস্তিত্ব শিকলি, আন্ধাৰত নিজৰ মুখ, আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ, চন্দধৰ ৰচনাৱলীৰ লগতে মৃতভাষৰ দৰে এক নতুন ৰচনা শৈলী সৃষ্টিৰে অসমীয়া ভাষা সাহিত্য চহকী কৰিছে ড৹ নগেন শইকীয়াই । ইয়াৰোপৰি, তেওঁ 130 খন মনোজ্ঞ গ্ৰন্থ, 2000 টা প্ৰবন্ধ, ৰচনাৰে অভিলেখ ৰচনা কৰিছে ।

লগতে পঢ়ক : লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.