মৰাণ, 5 এপ্ৰিল : নিৰ্বাচনৰ সমানে অসমীয়াৰ স্বাভিমান ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে বিগত বৰ্ষত ৰাজ্যবাসীয়ে ব’হাগ বিহু পালন কৰিব নোৱাৰিলেও এইবাৰ মহা ধূম ধামেৰে বিহুক আদৰিবলৈ প্ৰস্তুতি তুংগত উঠিছে । ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচৰ প্ৰশিক্ষণ ।
দিগন্ত ময়ুৰ বৰাৰ তত্বাৱধানত প্ৰদান কৰা এই বিহু নাচৰ কৰ্মশালাত প্ৰায় ডেৰশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । সেইদৰে অসমৰ জনপ্ৰিয় হুচৰিৰ দল চেও হুচৰি দলেও এইদৰে বিহুৰ আখৰা চলোৱা দেখা গ'ল।
লগতে পঢ়ক : মুকলি আকাশৰ তললৈ আহিল কুইপ'ৰ বিষয়া ৰাম কুমাৰ