ETV Bharat / state

হৰি নামৰ ধ্বনিৰে মুখৰিত টিংখাঙৰ টিপমীয়া বৰনামঘৰ

author img

By

Published : Feb 20, 2021, 7:30 PM IST

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া বৰনামঘৰ আৰম্ভ হৈছে চতুৰ্থতম পঞ্চবাৰ্ষিক অখণ্ড ভাগৱত পাঠ ৷ ভাগৱত শোভাযাত্ৰ, বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই অনুষ্ঠানত ।

হৰি নামৰ ধ্বনিৰে মুখৰিত টিংখাঙৰ টিপমীয়া বৰনামঘৰ
হৰি নামৰ ধ্বনিৰে মুখৰিত টিংখাঙৰ টিপমীয়া বৰনামঘৰ

টিংখাং,২০ ফেব্ৰুৱাৰী: হৰি নামৰ ধ্বনিৰে মুখৰিত টিংখাঙৰ টিপমীয়া বৰনামঘৰ । এশৰো অধিক নামঘৰৰ সহযোগত শুক্ৰবাৰ পৰা টিপমীয়া বৰনামঘৰ আৰম্ভ হৈছে চতুৰ্থতম পঞ্চবাৰ্ষিক সাত দিনীয়া অখণ্ড ভাগৱত পাঠ ৷ শনিবাৰে পুৱা ঊষা কীৰ্তনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতেই অৰ্জুন বৃক্ষৰোপণ কৰা হয় ৷ বৃক্ষ ৰোপণ কৰে “আপকু”ৰ মুখ্য উপদেষ্টা মনোজ সিং আৰু ৰাজগড় সমবায় সমিতিৰ সভাপতি পূৰ্ণ গন্ধীয়াই ৷ বৃক্ষৰোপণৰ পিছত 'আপকু'ৰ মুখ্য উপেষ্টা গৰাকীয়ে ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷

আয়োজক সমিতিৰ সভাপতি ভদ্ৰকান্ত গন্ধীয়াই মূল ধৰ্মধ্বজা উত্তোলন কৰাৰ সমান্তৰালকৈ সকলো সহযোগী নামঘৰৰ প্ৰতিনিধিয়ে একেলগে পতাকা উত্তোলন কৰে ৷ আয়োজক সমিতিৰ মুখ্য সম্পাদক নীৰৱ লিকচন আৰু মিনেশ্বৰ দিহিঙীয়াই আঁত ধৰা অনুষ্ঠানত বৰমেধি বিশ্ব চেলেঙে ৰাইজক উদ্দেশ্যি ভাগৱতৰ তাৎপৰ্য ব্যাখা কৰে ৷ দাতা পৰিয়াল যোগেশ গন্ধীয়া,বিমল গন্ধীয়া,ভদ্ৰকান্ত গন্ধীয়াৰ পৰিয়ালবৰ্গই আগবঢ়োৱা প্ৰয়াত যোগাৰাম গন্ধীয়া আৰু দুৰ্গেশ্বৰী গন্ধীয়া সোঁৱৰণী নৱনিৰ্মিত মূল তোৰণ উন্মোচন কৰা হয় এই অনুষ্ঠানত ৷

ইয়াৰ পিছতেই বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত সকলো সহযোগী অনুষ্ঠানে গাড়ীত বেনাৰ লগাই নাম কীৰ্তনেৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলে ৷

লগতে পঢ়ক:গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.