ETV Bharat / state

লাভলীনাৰ বিজয় কামনাৰে আটাছুৰ বাণ-ফী পূজা-অৰ্চনা

author img

By

Published : Jul 22, 2021, 10:21 PM IST

বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকত (tokyo olympics) গোলাঘাটৰ সু-সন্তান লাভলীনা বৰগোঁহাই । বক্সাৰ লাভলীনা বৰগোঁহাইৰ বিজয় কামনা কৰি মৰাণত আটাছুৰ উদ্যোগত বাণ-ফী পূজা-অৰ্চনা ৷

ban-phee-puja-for-lovlina-borgohain-organized-by-aatasu
লাভলীনাৰ বিজয় কামনাৰে মৰাণত আটাছুৰ বাণ-ফী পূজা-অৰ্চনা

মৰাণ, 22 জুলাই: লাভলীনাৰ বিজয় কামনা কৰি মৰাণত আটাছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বাণ-ফী পূজা-অৰ্চনা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো দলৰ বিধায়ক তথা মন্ত্ৰীয়ে বুধবাৰে লাভলীনা বৰগোহাঁইক উৎসাহ প্ৰদান কৰিবলৈ চাইকেল ৰেলী কৰাৰ পাছতে এইবাৰ আটাছুৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বাণ-ফী পূজা-অৰ্চনা ৷ অলিম্পিকত অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে যাতে বিজয়ী হৈ আহিব পাৰে তাৰ কামনাৰে আজি মৰাণৰ তিলৈ নগৰ চাও চেণ ৰেণ প্ৰাংগণত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) গজপুৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত তথা তিলৈ নগৰ নতুন গাঁৱবাসীৰ সহযোগত আহোমৰ পৰম্পৰা নীতি নিয়মেৰে বাণ-ফী পূজা-অৰ্চনা কৰে হয় ৷

উল্লেখ্য যে, বক্সাৰ লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত পদক লাভ কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনে । আনহাতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত ক্ৰীড়া মন্ত্ৰী বিমল বৰাক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই নেতাজনে । বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকত (tokyo olympics) গোলাঘাটৰ সু-সন্তান লাভলীনা বৰগোঁহাই ।

অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পিছত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ । 24 জুলাইত ভাৰতীয় সময় মতে 7 বাজি 30 মিনিটত টকিঅ' অলিম্পিকৰ বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব ভাৰতীয় খেলুৱৈ লাভলীনা বৰগোঁহাই । শৈশৱৰ পৰাই বক্সিং খেলৰ প্ৰতি আকৃষ্ট আছিল লাভলীনা ।

লাভলীনাৰ লগতে তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী কিক বক্সিঙৰ প্ৰতি আকৃষ্ট আছিল । লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত এতিয়া ভীৰ কৰিছে অগণন শুভাকাংক্ষীয়ে । অলিম্পিকত যাতে লাভলীনাই পদক অৰ্জন কৰে, তাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছে বিভিন্নজনে । উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিল’মিটাৰ নিলগত অৱস্থিত বাৰমুখীয়া গাঁৱৰ লাভলীনাকলৈ এতিয়া সকলো আশাবাদী ।

লগতে পঢ়ক: বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.