ETV Bharat / state

ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ এটুৱা মুণ্ডাৰ

author img

By

Published : Mar 14, 2021, 6:50 AM IST

টিংখাঙত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী এটুৱা মুণ্ডাই ৷ ঘৰে ঘৰে গৈ কংগ্ৰেছক ভোট দিয়াৰ আহ্বান মুণ্ডাৰ ৷ আগন্তুক নিৰ্বাচনত ৰাইজে কংগ্ৰেছক ভোট দিব আৰু তেঁও জয়লাভ কৰিব বুলি দাবী মুণ্ডাৰ ৷

atuwa munda starts campaigning door to door ahead of assam poll
টিংখাঙত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ এটুৱা মুণ্ডাৰ

টিংখাং, 14 মাৰ্চ: ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ নিজ নিজ ৰণকৌশলেৰে প্ৰত্যেক ৰাজনৈতিক দল তথা প্ৰাৰ্থী এতিয়া নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম ন'হল টিংখাং সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী এটুৱা মুণ্ডা ৷ অতি সীমিত সংখ্যক সমৰ্থকক লৈ দেওবাৰে টিংখাং সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই ৷

atuwa munda starts campaigning door to door ahead of assam poll
ঘৰে ঘৰে গৈ কংগ্ৰেছক ভোট দিয়াৰ আহ্বান মুণ্ডাৰ

সীমিত সংখ্যক দলীয় সমৰ্থকক লগত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাই টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ প্ৰাৰ্থী মুণ্ডাই সকলোকে কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় ৷ মুণ্ডাই দাবী কৰে যে, এইবাৰ বিধনসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক ভোট দিব আৰু তেঁওৰ বিজয় নিশ্চিত ৷

উল্লেখ্য যে, অহা 27 মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ অতি সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শাসক দল বিজেপিৰ লগতে মূল বিৰোধী কংগ্ৰেছে নিজ নিজ দলৰ প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: একেদিনাই আঠখনকৈ নিৰ্বাচনী সভাত অংশ বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.