ETV Bharat / state

গুৰুত্ব নাই বিধায়কৰ : ভঙা দলঙেৰে ৰাইজৰ যাতায়াত - চকু মুদা কুলিৰ ৰবপত বিধায়ক

উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনতেই পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা প্ৰতিচ্ছবি ৷ উন্নয়ন হোৱা নাই ৰাজ্যৰ চাহ বাগিচা সমূহত ৷ ভঙা দলঙৰ পৰা পৰি মানুহ মৰাৰ পাচতো দলং নিৰ্মাণত গুৰুত্ব নাই বিধায়ক চক্ৰধৰ গগৈৰ ৷ যাৰ ফলত মৰাণৰ বামুনবাৰী চাহ বাগিচাত জনপ্ৰতিনিধিৰ সলনি ভগ্ন দলং নিৰ্মাণ কৰিলে আছাই ৷

ATTSA making a bridge at Moran
চকু মুদা কুলিৰ ৰবপত বিধায়ক
author img

By

Published : Aug 2, 2021, 2:13 PM IST

Updated : Aug 2, 2021, 3:06 PM IST

মৰাণ,2 আগষ্ট : ৰাজ্যৰ ক’ত ক’ত হৈছে প্ৰকৃত উন্নয়ন ৷ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনটেই পোহৰলৈ আহিছে উন্নয়নৰ বিভিন্ন প্ৰতিচ্ছবি ৷ কি ৰাজপথ, কি চিকিৎসালয়, কি চৰকাৰী আঁচনি-সকলোতে কেৱল প্ৰশ্ৰয় কেৱল দুৰ্নীতিৰ ৷

অসমৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বঢ়িল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৷ প্ৰথমটো কাৰ্যকালত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত ব্যাপক উন্নয়ন কৰা বুলি শাসনাধিষ্ঠ নেতাসকলে মেলে-মিটিঙে ঢাক-ঢোল বজাই থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বহু গুৰুত্বপূৰ্ণ পথে উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ উন্নয়নৰ মূল প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে মৰাণৰ চাহ বাগিছা অঞ্চল সমূহত ৷

কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয় চাহ বাগিচা অঞ্চলৰ ৰাইজক । ফলত জনপ্ৰতিনিধিৰ পৰিৱৰ্তে চাহ জনজাতি ছাত্ৰ সন্থাই নিৰ্মাণ কৰিব লগা হৈছে ভঙা দলং । মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনবাৰী চাহ বাগিচাৰ বৰলাইনৰ পথত থকা ভগ্ন পকী দলঙখন পুনৰ নিৰ্মাণৰ বাবে ৰাইজে স্থানীয় বিধায়ক চক্ৰধৰ গগৈক আহ্বান জনাই আহিছিল যদিও আজি পৰ্যন্ত গুৰুত্ব নিদিলে বিধায়ক গৰাকীয়ে ।

চকু মুদা কুলিৰ ৰবপত বিধায়ক

লগতে পঢ়ক: পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে

উক্ত দলং খনৰ পৰা পৰি বাগিচাখনৰ এজন শ্ৰমিক কিছুদিনৰ পূৰ্বে অকাল মৃত্যু হৈছিল । তথাপিও দলং নিৰ্মাণৰ বাবে গা নলৰিল বিধায়কগৰাকীৰ । পকী দলঙখন বহু পুৰণি হোৱা বাবে দলঙত ফাঁট মেলি ভগ্ন প্ৰায় হৈ পৰিছে ।

অতি ব্যস্ততাপূৰ্ণ দলঙখনৰ ভগ্ন অংশ চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কৰা হয় । আনহাতে, আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য বাবুল চাহু তেলীৰ লগতে স্থানীয় ৰাইজে জনপ্ৰতিনিক উক্ত দলঙখন নতুনকৈ নিৰ্মাণৰ দাবী জনাইছে । মুঠৰ ওপৰত নেতা মন্ত্ৰী বিধায়কে চাহ বাগিচা উন্নয়নৰ কথা ক'লেও মৰাণত উন্নয়ন বিচাৰি হাবাথুৰি খাইছে চাহ বাগিচা অঞ্চলৰ ৰাইজে ।

লগতে পঢ়ক: বিপদসংকুল ভাৱে এডাল বাঁহৰ সাঁকোৰ ওপৰেৰে যাতায়ত ৰাইজৰ

Last Updated : Aug 2, 2021, 3:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.