ETV Bharat / state

ATTSA Press Meet in Dibrugarh: শ্ৰম বিভাগৰ জননীয়ে ক্ষোভৰ অগনি জ্বলাইছে উজনি অসমৰ চাহ বাগানত

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:09 PM IST

শ্ৰম বিভাগৰ এখন জাননীক লৈ প্ৰতিক্ৰিয়া সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ ৷ ‘‘কোনো চৰ্ত আৰোপ নকৰাকৈ চাহ শ্ৰমিকক পালন কৰিবলৈ দিয়ক কৰম পূজা ৷’’ এই দাবী আটছাৰ ৷ চৰকাৰে জাৰি কৰা নীতি বাতিল নকৰিলে আন্দোলনৰ হংকাৰ ছাত্ৰ সংগঠটোৰ ৷

ATTSA Press Meet in Dibrugarh
শ্ৰম বিভাগৰ জননীয়ে জ্বলাইছে উজনি অসমৰ বাগান

ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ: শেহতীয়াকৈ কৰম পূজাত চাহ শ্ৰমিকৰ বন্ধৰ প্ৰসংগত প্ৰকাশিত এখন জনানীক লৈ সৰৱ সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছা ৷ ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে এক জাননী যোগে আগন্তুক 25 ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে ‘পেইড হলিডে' ঘোষণা কৰিছে । ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পাচতেই চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে ৷ কিয়নো 25 ছেপ্টেম্বৰৰ দিনটো কৰম পূজাৰ বন্ধ দিন হিচাপে ঘোষণা কৰিছে যদিও চাহ শ্ৰমিকসকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা অন্য বন্ধৰ দিনত কাম কৰি দিব লাগিব ৷

চাহ শ্ৰমিকৰ অন্যতম উৎসৱ কৰম পূজাত শ্ৰমিকৰ চুটিৰ ক্ষেত্ৰত যি নিয়ম প্ৰয়োগ হৈছে তাৰ বিৰোধিতাৰে সংবাদমেল পাতি আটছাই দিলে হুংকাৰ ৷ মঙলবাৰে ডিব্ৰুগড়ত সংবাদমেলত পাতি চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছাই ৷

আটছাৰ বিষয়ববীয়াই কয়, ‘‘চাহ জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ কৰম পূজাৰ বন্ধৰ দিনটো চাহ শ্ৰমিকক দৰমহাসহ বন্ধ দিব লাগে ৷ কৰম পূজাক লৈ চৰকাৰে দিয়া নিৰ্দেশনাই চাহ শ্ৰমিক তথা জনগোষ্ঠীটোক চৰম অপমান কৰিছে ৷ কৰম পূজাৰ দিনটোত কোনো চৰ্ত নোহোৱাকৈ বন্ধ দিব লাগে ৷ যদিহে চৰকাৰে সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ’লে কেন্দ্ৰীয় ৰাজ্যিক শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰা হ’ব ৷’’

ইয়াৰ লগতে তেওঁলোকে কয়, ‘‘নিৰ্বাচনৰ সময়ত বিজেপিৰ কোনো নেতা-মন্ত্ৰীক বাগানত প্ৰৱেশ কৰিবলৈ নিদিওঁ ৷ কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰমিকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা কৈ আহিছে ৷ তাৰ পাচতো এই নীতি কিয় ?’’

এই দৰে সংবাদ মেলত সৰৱ হ’ল আটছাৰ নেতৃত্ব ৷ সংবাদমেলত উপস্থিত আছিল আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা, কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৱন বেডীয়াসহ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব ৷

লগতে পঢ়ক:Amrit Brikha Andolan 2023: নাহৰকটীয়াৰ অভয়পুৰত বিশ্ব অভিলেখ গঢ়া 70 শতাংশ অমৃত বৃক্ষই মাগিছে মেলানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.