ETV Bharat / state

Assam's Methanol Project : অসমে দখল কৰিব ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ

অসমবাসীৰ বাবে এক সুখবৰ ৷ মুকলিৰ বাবে সাজু অসম পেট্ৰ'কেমিকেলছ লিমিটেড(Assam petrochemicals Limited)ৰ মিথানল প্ৰকল্প ৷ এই প্ৰকল্পটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই ৷

assams methanol project set to be inaugurated in 2022
অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ মিথানল প্ৰকল্প
author img

By

Published : Nov 14, 2021, 12:26 PM IST

Updated : Nov 14, 2021, 3:02 PM IST

মৰাণ, 14 নৱেম্বৰ : ৰাজ্যৰ উদ্যোগক্ষেত্ৰত সংযোজিত হ’বলৈ ওলাইছে এটি নতুন প্ৰকল্প ৷ 2022 বৰ্ষৰ পাতনিতে মুকলি কৰা হ’ব নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেড(Assam petrochemicals Limited)ৰ অধীনষ্ঠ মিথানল প্ৰকল্পটো ৷ যাৰ বাবে দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে প্ৰকল্পটোৰ সৈতে জড়িত সকলো বিষয়-ববীয়া ৷

2013 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰ সলনি হয় যদিও দ্ৰুতগতিত নিৰ্মাণকাৰ্য আগবাঢ়ে এই প্ৰকল্পৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয় প্ৰায় 98 শতাংশ ৷ ভাৰতৰ প্ৰায় 11 টা ভিন্ন কোম্পানীয়ে এই নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে ৷ বৰ্ধিত মিথানল প্ৰকল্পটোত উৎপাদন কৰিব পৰা যাব দৈনিক ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেলিন ৷

মুকলিৰ বাবে সাজু অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ মিথানল প্ৰকল্প

ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা কৰিছে অসম পেট্ৰ’কেমিকেলছ লিমিটেডে(Assam petrochemicals Limited) ৷ ইতিমধ্যে উদ্যোগটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণ হৈ উঠিছে ৷ এই প্ৰকল্পটোৰ নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় 1800 কোটি টকা ৷ তাৰোপৰি এছিটিক এছিডৰ আন এক প্ৰকল্প নিৰ্মাণৰ DPR প্ৰস্তুত কৰি উলিওৱা বুলি সদৰী কৰিছে অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই ৷

সম্প্ৰতি এই খবৰে নিৱনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰতো সঁহাৰি জনোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ সকলো ঠিকে-ঠাকে থাকিলে অসমৰ উদ্যোগ ক্ষেত্ৰৰ সম্প্ৰসাৰণ ঘটাই 2022 চনৰ জানুৱাৰীত প্ৰকল্পটো মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma)ই ৷ এই খবৰে স্বাভাৱিকতে আনন্দিত কৰি তুলিছে সমগ্ৰ নামৰূপবাসীক ৷

লগতে চাওক: Cheat in Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা

Last Updated : Nov 14, 2021, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.