ETV Bharat / state

চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ক'ভিডত আক্ৰান্ত

author img

By

Published : Oct 28, 2021, 2:02 PM IST

ক'ভিড-১৯ত আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ বাবে অসমত পৰ্যায়ক্ৰমে সকলো শিক্ষানুষ্ঠানতে পুনৰ পাঠদান আৰম্ভ কৰা হৈছে । কিন্তু বিদ্যালয় খোলাৰ পাচতেই বিদ্যালয়সমূহত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শেহতীয়াকৈ এগৰাকী সহকাৰী শিক্ষক আক্ৰান্ত হৈছে ক'ভিড-১৯ত ।

Assam vidyapith teacher tested Covid positive
চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ক'ভিডত আক্ৰান্ত

মৰাণ, ২৮ অক্টোবৰ: সমগ্ৰ ভাৰততে বৰ্তমান কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে । অসমতো বৰ্তমানলৈকে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণতে আছে যদিও মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই । তথাপিও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ক'ভিড বিধি মানি বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হৈছে । কিন্তু শেহতীয়াকৈ বিদ্যালয়বোৰত বৃদ্ধি পাইছে সংক্ৰমণ ।

ডিব্ৰুগড়ৰ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক মহামাৰীৰ কবলত পৰিছে । ইয়াৰ পাচতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকো শংকিত হৈ পৰিছে । চাবুৱা নগৰৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ এই শিক্ষকগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে কৰ'ণাত । জানিব পৰা মতে, বিগত ২৫ অক্টোবৰৰ পৰা তেওঁ ছুটীত আছিল ।

প্ৰথম অৱস্থাত শিক্ষকজনক চাবুৱাৰ টাটা ৰেফাৰেলত চিকিৎসাধীন হৈ আছিল যদিও ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হোৱাৰ পাচতে শিক্ষকজনক পত্নীৰ সৈতে প্ৰেৰণ কৰা হৈছে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ । আনহাতে, বিদ্যালয়খনৰ এজন শিক্ষক আক্ৰান্ত হোৱাৰ পাছতো বৰ্তমানলৈকে বিদ্যালয়খন বন্ধ কৰা হোৱা নাই ।

ফলত বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক ।‌ আনহাতে, শিক্ষকজন ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পাচতে বিদ্যালয়খনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । উল্লেখ্য যে, চৰাইদেউৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মডেল স্কুলত ৩ গৰাকী শিক্ষাৰ্থীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাচতে এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই । বিদ্যালয় খোলাৰ পূৰ্বে ছেনিটাইজ কৰা, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ আসন সীমিত কৰা, মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে প্ৰয়োজনীয় সকলো সাৱধনতা অৱলম্বন কৰাৰ পাচতো একাংশ বিদ্যালয়ত উদ্বেজনকভাৱে সংক্ৰমণ বৃদ্ধি পোৱাটো শংকাৰ কাৰণ হৈ পৰিছে ।

লগতে পঢ়ক:বৰাকত পূর্ণ গতিত চলিছে কয়লাৰ বৃহৎ ছিণ্ডিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.