মৰাণ, 14 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত ক্ৰমাৎ যেন আৰম্ভ হৈছে খহনীয়াৰ ৷ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা আহ্বায়ক, যুটীয়া সম্পাদককে ধৰি মৰাণৰ বহু সদস্য তথা কৰ্মীয়ে দলটোৰ পৰা পদত্যাগ কৰিছে ৷
ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰৰ পাছতে সোমবাৰে ডিব্ৰুগড় জিলা যুটীয়া সম্পাদক, জিলা আহ্বায়ক, যুৱ শক্তি, মহিলা শক্তিকে ধৰি 19 গৰাকীকৈ দলীয় নেতাই কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে, পদত্যাগ কৰা নেতা কেইগৰাকীয়ে পদত্যাগ পত্ৰত ব্যক্তিগত কাৰণত দলৰ পৰা আঁতৰিব খোজা বুলি উল্লেখ কৰে যদিও সাংবাদিকৰ সন্মুখত দলৰ ভিতৰচৰাৰ কিছু খেলিমেলি তথা অসন্তুষ্টিৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে ৷
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আভ্যন্তৰীণ অসন্তুষ্টিৰ বাবে দলীয় কৰ্মীয়ে এনে সিদ্ধান্তই নিৰ্বাচনত মৰাণ সমষ্টিত দলটোৰ প্ৰদৰ্শনৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷
লগতে পঢ়ক: সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই