ডিব্ৰুগড়, 29 জুলাই: চাৰ্ভিজ বুক বনোৱাৰ নামত এহেজাৰ টকাৰ উৎকোচ লৈ শুকুৰবাৰে জালত পৰিল দৰমহাৰ টকাৰে নটা প্ৰধান শিক্ষক নৱজ্যোতি শৰ্মা (Teacher arrested in Dibrugarh for taking bribe)৷ সহকাৰী শিক্ষকৰ পৰা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত ধৰা পৰা শিক্ষাগুৰুৰ এই কাণ্ডই শিক্ষক সমাজত সানিলে ক’লা দাগ ৷
ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত(Khowang Block primary education office) সহায়ক হিচাপে থকা মৰাণস্থিত ফটিছোৱা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱজ্যোতি শৰ্মাক এজন শিক্ষকৰ পৰা উৎকোচ লৈ থকা অৱস্থাতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰিলে । ঘোচখোৰ শিক্ষকজনে শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাজী পহু মৰাৰ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ পৰা চাৰ্ভিজ বুক বনোৱাৰ নামত লৈছিল এহাজাৰ টকা উৎকোচ ।
এই ধন লৈ থকাৰ অৱস্থাতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই টকাসহ গ্ৰেপ্তাৰ কৰে শিক্ষকজনক (CM Vigilance Raid in Dibrugarh)। দলটোৱে কাৰ্যালয়টোত কেইবা ঘন্টা ধৰি শিক্ষকজনক জেৰা চলোৱাৰ লগতে বহু নথি-পত্ৰ আৰু কম্পিউটাৰসহ ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰে । ভিজিলেঞ্চৰ দলটোৱে শিক্ষকজনৰ বাসগৃহতো অভিযান চলায় ।
উল্লেখযোগ্য যে শিক্ষকজনে ২০১৩ চনৰ পৰাই কাৰ্যালয়টোত সহায়ক হিচাপে থাকি বিভিন্ন শিক্ষকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া আছিল । দুৰ্নীতি নিবাৰক শাখাই আটক কৰি ব্যক্তিজনক গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Illegal Cattle Smuggling: গৰু বেছিবলৈ গৈ জেইললৈ গ’ল ভৱ