ETV Bharat / state

দিহিং পাটকাই সৰ্ন্দভত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : May 22, 2020, 5:56 PM IST

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কোৱাৰেইনটাইন চেন্টাৰ পৰিদৰ্শনৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে দিহিং পাতকাইৰ সৰ্ন্দভত মন্তব্য প্ৰকাশ ৷

sarbanondo sonowal  reaction dhing patkai
মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে দিহিং পাতকাইৰ সৰ্ন্দভত

ডিব্ৰুগড়, 22মেঃ জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাতকাই অভয়াৰণ্য খননক লৈ ৰাজ্য তথা দেশত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ মন্তব্যই এই দৰে কয় "ৰাইজৰ বিভিন্ন দিশৰ পৰা এই বিষয়টো যথেষ্ট চৰ্চা হৈছে,গতিকে মই এই ৰাইজৰ কথাবিলাকত গুৰুত্ব প্ৰদান কৰি আমাৰ বন আৰু পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক অতি শীঘ্ৰেই সেই স্থান লৈ যাবলৈ নিৰ্দ্দেশ দিছো আৰু গোটেই পৰিস্থিতিটো বুজ লৈ আমাক বিতং ভাৱে জনাবলৈ তেখেতক কৈছোঁ।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কোৱাৰেইনটাইন চেন্টাৰ পৰিদৰ্শনৰ বাবে উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত এই কথা জনোৱাৰ সময়তে মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপীকাই মুখ্যমন্ত্ৰীক আহ্বান জনায় যে দিহিং পাতকাই বিষয়ে আপোনাৰ পৰা অতি যোগাত্মক সিদ্ধান্ত পাম বুলি আশা ৰাখিলো ৷

লগতে পঢ়কঃ কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.