ETV Bharat / state

Bhabesh Kalita in Dibrugarh : জনতা জনাৰ্দনে আকৌ বিজেপিৰ সপক্ষে ভোটদান কৰিব ; ভৱেশ কলিতা

author img

By

Published : Aug 17, 2023, 6:53 PM IST

বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ দুদিনীয়া সাংগঠনিক কাৰ্যসূচী লৈ ডিব্ৰুগড়ত কেইবাটাও দলীয় সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই ৷

Assam BJP President Bhabesh Kalita
বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ডিব্ৰুগড়ত কেইবাটাও দলীয় সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ডিব্ৰুগড়, 17 আগষ্ট : ডিব্ৰুগড়ত দলীয় কৰ্মীৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ দুদিনীয়া সাংগঠনিক কাৰ্যসূচী লৈ ডিব্ৰুগড়ত কেইবাটাও দলীয় সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই ৷

ডিব্ৰুগড় জিলা বিজেপিৰ সামাজিক মাধ্যম কোষৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰাৰ পাছত উজনি অসমৰ ১১ খন জিলাক সামৰি ডিব্ৰুগড় আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰ-পূৱ মাণ্ডলিক প্ৰশিক্ষণ বৰ্গ কাৰ্যসূচীত অংশ লয় ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷ ইয়াৰ পিছতে ডিব্ৰুগড়ৰ চৌকিডিঙিত নিৰ্মাণ হৈ থকা জিলা বিজেপিৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে সভাপতি গৰাকীয়ে ৷ সমাগত লোকসভা নিবাৰ্চনক লৈ দলীয় ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে সকলো পৰ্যায়ৰ নেতা-কৰ্মীৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী ৷

ইয়াৰ পাছতে আৱৰ্ত ভৱনত ডিব্ৰুগড় জিলাৰ পৌৰসভাৰ সদস্য আৰু স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়া সকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই ৷ আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত যাতে দলীয় কৰ্মী সকলে নিঃস্বাৰ্থ ভাৱে কাম কৰে তাৰ পৰামৰ্শ দিয়াৰ বাবে এই বৈঠক অনুষ্ঠিত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷

আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ওলোৱা প্ৰসংগত কয় যে, গণতান্ত্ৰিক দেশত নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰে ৷ কিন্তু জনতাৰ স্বাৰ্থত কাম কোনে কৰিছে তেওঁকহে ভোট দিব ৰাইজে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত পুনৰ বিজেপিৰ জয় হ'ব আৰু আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰ অহাটো নিশ্চিত বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক : APCC Press Conference: মুখ্যমন্ত্ৰীক শেহতীয়া নিযুক্তি সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী প্রদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.