ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

সোমবাৰে ডিব্ৰুগড়ত জলসিঞ্চন, নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal) পৌৰসভাৰ বিষয়াৰে এক বৈঠকত মিলিত হয় । উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, প্রাক্তন বিধায়ক ঋতুপর্ণ বৰুৱা আৰু বিভাগীয় বিষয়াসকল ।

Ashok Singhal holds meeting with municipal officers
ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jun 14, 2021, 6:29 PM IST

Updated : Jun 15, 2021, 9:32 AM IST

ডিব্ৰুগড়, ১৪ জুন: সোমবাৰে ডিব্ৰুগড়(Dibrugarh)ৰ লেকাইত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা "চলিড ওৱেষ্ট মেনেজমেণ্ট প্ৰকল্প"(Solid Waste management plant) পৰিদৰ্শন কৰে জলসিঞ্চন, নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal) । ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে ।

উক্ত বৈঠকত ডিব্ৰুগড়, চাৰুৱা, নাহৰকটীয়া আৰু নামৰূপ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে উক্ত পৌৰসভাকেইখনৰ কৰ্মচাৰীসকল উপস্থিত থাকে । উক্ত পৌৰসভা এলেকাসমূহত ৰূপায়ণ হৈ থকা স্বচ্ছ ভাৰত অভিযান, প্রধানমন্ত্রী আবাস যোজনা(নগৰ), অমৰূট আদি আঁচনি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা হয় ।

Ashok Singhal holds meeting with municipal officers
ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অশোক সিংঘালৰ গুৰুত্বপূৰ্ণ বৈঠক

মন্ত্ৰীগৰাকীয়ে সকলো বিষয়া-কৰ্মচাৰীকে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ লগতে নিজ নিজ পৌৰ এলেকাসমূহ চাফ-চিকুণ কৰি ৰখা আৰু এক সুন্দৰ স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিবলৈ কয় ।

এই বৈঠকত বিধায়ক চক্ৰধৰ গগৈ, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, প্রাক্তন বিধায়ক ঋতুপর্ণ বৰুৱা আৰু বিষয়াসকল উপস্থিত থাকে । বৈঠক সমাপ্ত হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে জালান নগৰৰ আৰোগ্য ক'ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰে ।

লগতে পঢ়ক:মানিকপুৰত মানাহ নদীৰ গৰাখহনীয়াত স্তব্ধ যাতায়াত

Last Updated : Jun 15, 2021, 9:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.