ETV Bharat / state

পানীৰ তলত মুখ্যমন্ত্ৰীৰ গৃহ জিলা - 37 national highway

কৃত্ৰিম বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ চহৰ খনৰ ২২টা ৱাৰ্ডৰ লগতে উপকণ্ঠ গাঁৱ সমূহও কৃত্ৰিম বানৰ কবলত পৰে৷ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বানে বুৰাই পেলালে ৷

কৃত্ৰিম বানত জলবন্দী ডিব্ৰুগড় বাসী
author img

By

Published : Jul 11, 2019, 3:46 AM IST

Updated : Jul 11, 2019, 4:57 PM IST

ডিব্ৰুগড় 11 জুলাইঃ কৃত্ৰিম বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ চহৰ খনৰ ২২টা ৱাৰ্ডৰ লগতে উপকণ্ঠ গাঁও সমূহও কৃত্ৰিম বানৰ কবলত পৰাৰ লগতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বানে বুৰাই পেলালে ৷ ডিব্ৰুগড় আৰক্ষী চাওনি,মিলন নগৰ,খলিহামাৰি আদি অঞ্চলত একঁকাল পানীৰ বিপৰীতে চহৰৰ সৰ্বাধিক অঞ্চল,মুখ্য পথবোৰ বুৰ যায় পানীৰ তলত ।

কৃত্ৰিম বানত জলবন্দী ডিব্ৰুগড় বাসী
জলবন্দী হৈ আছে হাজাৰ হাজাৰ পৰিয়াল ৷ মাত্ৰ দুটা দিনৰ বৰষুণতেই এইদৰে সাগৰ সদৃশ পৰিবেশ সৃষ্টি হ’ল চহৰ খনত ৷ মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ উপৰিও বহু আঢ্যবন্ত, সমাজ সচেতন পৰিয়ালৰ লগতে উচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰে ব্যক্তিৰ আৱাস থকা চহৰখন এতিয়া নলা নৰ্দমাৰ কদৰ্য পানীৰে উপচি পৰিছে ৷

ইফালে ইয়াৰ মাজতে চহৰৰ মাজমজিয়াত চলন্ত বাহনৰ ওপৰত উভালি পৰিল এডাল প্ৰকাণ্ড গছ । কৃত্ৰিম বানৰ ফলত কোমল হৈ পৰা মাটিৰ বাবেই পথৰ দাঁতিত থকা এজোপা গছ এখন চলন্ত বাহনৰ ওপৰত উভালি পৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে গাড়ীখনৰ গৰাকী জন ৷

Intro:কৃতিম বানত জলবন্দী মুখ্যমন্ত্ৰী গৃহ চহৰৰ শ শ পৰিয়াল।চলন্ত বাহনত উভালি পৰিল বৃহৎ গছBody:বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ।ডিব্ৰুগড় চহৰৰ ২২টা ৱাৰ্ডৰ লগতে চহৰৰ উপকণ্ঠ গাঁৱ সমূহ কৃত্ৰিম বানৰ কবলত।37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী।আৰক্ষী চাওনি,মিলন নগৰ,খলিহামাৰি আদি অঞ্চলত এককাল পানীৰ বিপৰীতে চহৰৰ সৰ্বাধিক অঞ্চল,মুখ্য পথ বোৰ গ'ল পানীৰ তলত।
স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত। জলবন্দী হাজাৰ হাজাৰ পৰিয়াল।নিয়ন্ত্ৰণহীন পৰিবেশ।
দুৰ্নীতিত ব্যস্ত ডিব্ৰুগড় পৌৰসভাই নিজৰ চূড়ান্ত বিফলতা পুনৰ উদঙালে।মাত্ৰ দুটা দিনৰ বৰষুণতেই এইদৰে সাগৰ সদৃশ পৰিবেশ মুখ্যমন্ত্ৰীয়ে স গৌৰবেৰে কৈ ফুৰা 180 বছৰ পুৰণি ঐতিহাসিক ডিব্ৰুগড় চহৰৰ।কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, বহু আঢ্যবন্ত, সমাজ সচেতন পৰিয়ালৰ লগতে উচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰে ব্যক্তিৰ আবাস থকা চহৰখন এতিয়া নলা নৰ্দমাৰ কদৰ্য পানীৰে একাকাৰ।

ইফালে ইয়াৰ মাজতে চহৰৰ মাজমজিত চলন্ত বাহনৰ ওপৰত উভালি পৰে প্ৰকাণ্ড গছ।কৃত্ৰিম বানৰ ফলত কোমল হৈ পৰা মাটিৰ বাবেই পথৰ দাঁতিত থকা এজোপা গছ এখন চলন্ত বাহনৰ ওপৰত উভালি পৰে যদিও কোনো লোক হতাহত নহল।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:ঐ
Last Updated : Jul 11, 2019, 4:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.