মৰাণ, 7 জানুৱাৰী: 'কা'(নাগৰিকত্ব সংশোধনী আইন) বিৰোধী আন্দোলনত যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰা অৰুণজ্যোতি মৰাণে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে বিজেপিত যোগদান কৰাৰ পাছতেই ডিব্ৰুগড়ত যথেষ্ট আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷
সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বিজেপিত যোগদান কৰাৰ পছতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত বিজেপিৰ একাংশ সমৰ্থকে ফটকা আতচবাজী ফুটাই মৰাণক শুভেচ্ছা জ্ঞাপন কৰে ৷ মৰাণে বিজেপিত যোগদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি আগন্তুক দিনসমূহত বিজেপিত থাকি দলটোক অধিক গতিশীলতা অনাৰ ক্ষেত্ৰত মৰাণে সবল পদক্ষেপ গ্ৰহণ কৰিব বুলি ডিব্ৰুগড়ৰ বিজেপিৰ সমৰ্থক সকলে আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক: অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত