ETV Bharat / state

সাময়িকভাৱে স্থগিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ - শ্ৰীমন্ত শংকৰদেৱ সংঘ

পুনৰ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি সাময়িকভাৱে স্থগিত 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম-কাজ (Srimanta Sankardev Sangha's annual session has postpond) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে সাময়িকভাৱে স্থগিত ৰখা হৈছে অধিৱেশনৰ প্ৰস্তুতিৰ কাম ৷

Srimanta Sankardeva Sangha
সাময়িকভাৱে স্থগিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ
author img

By

Published : Jan 9, 2022, 8:12 PM IST

মৰাণ, 9 জানুৱাৰী : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কাল কৰ’ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰন্তত কাল কৰ’ণাত নতুনকৈ আক্ৰান্ত হৈছে বহু লোক ৷ ক’ভিড-19 ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও গ্ৰহণ কৰিছে ভিন্ন পদক্ষেপ ৷ ইতিমধ্যে জাৰী কৰা হৈছে নিষেধাজ্ঞা ৷ জনসমাগম হ’ব পৰা অনুষ্ঠানৰ ক্ষেত্ৰতো কেতবোৰ বিধি গ্ৰহণ কৰা হৈছে ৷

সেই অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন সাময়িকভাৱে স্থগিত ৰখা নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ প্ৰশাসনে ৷ চলিত বৰ্ষৰ 4 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিবেশনখন ৷ ইতিমধ্যে যো-জা চলিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ (91st Annual Session of Srimanta Sankardev Sangha) ৷

সাময়িকভাৱে স্থগিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ

কিন্তু চৰকাৰী নিৰ্দেশনা মানি আয়োজক কমিটিয়ে সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অধিৱেশনৰ প্ৰস্তুতি (Annual Session Postponed of Srimanta Sankardev Sangha's) ৷ ৰাজ্যত শেহতীয়াকৈ ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে জাৰি কৰা এছ অ’ পিক সন্মান জনাই অধিৱেশনৰ আদৰণি সমিতিয়ে ২৫ জানুৱাৰী পৰ্যন্ত অধিৱেশনৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে, নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অধিৱেশৰ মূল মণ্ডপ, প্ৰতিনিধি শিবিৰ, পতাকা উত্তোলন স্থলী, গ্ৰন্থমেলা, প্ৰদৰ্শনী স্থলী, নামঘৰ আদিকে ধৰি বহু কেইটা ক্ষেত্ৰৰ ইতিমধ্য নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছল ৷ আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন (Annual Session of srimanta Sankardev Sangha)ৰ প্ৰস্তুতিৰ কাম-কাজ প্ৰায় ৬০ শতাংশই সম্পূৰ্ণ হৈ উঠিছিল বুলি আয়োজক কমিটিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া অনিশ্চয়তা আহি পৰিছে অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৷

লগতে পঢ়ক : শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.