ETV Bharat / state

Anganwadi Workers protest: টিংখাঙত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব 202 টা অংগনবাদী কেন্দ্ৰ !

author img

By

Published : Mar 19, 2023, 1:14 PM IST

টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাদী কৰ্মী-সহায়িকাই অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰিছে (Integrated Child Development Project at Tingkhang)। চৰকাৰে এইসকল কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ নকৰালৈকে কৰ্মবিৰতি চলাই থাকিব বুলি সঁকীয়াই দিছে ।

Anganwadi workers work break in Dibrugarh
টিংখাংত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

মৰাণ, ১৯মাৰ্চ: ডিব্ৰুগড় জিলাৰ টিংখাঙত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব 202 টা অংগনবাদী কেন্দ্ৰ (Anganwadi Workers protest in Tingkhang)। দৰমহা বৃদ্ধি কৰাৰ দাবীত ৪০৪ গৰাকী অংগনবাদী কৰ্মী-সহায়িকাই কৰ্মবিৰতি ঘোষণা কৰাত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব এই অংগনবাদী কেন্দ্ৰসমূহৰ কাম-কাজ (Anganwadi workers work break in Dibrugarh) ।

ৰাজ্যৰ চাৰিওফালে এতিয়া উন্নয়নৰ ৰঙীন বিজ্ঞাপন । এখনৰ পাচত আন এখন অভিলাষী আঁচনি ঘোষণা কৰি এক প্ৰকাৰ চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৰাজ্য় চৰকাৰে । তেনে সময়ত টিংখাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ৪০৪ গৰাকী অংগনবাদী কৰ্মী- সহায়িকাই অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰাত এনে অৱস্থাৰ সৃষ্টি হৈছে (Anganwadi workers on protest)।

শনিবাৰে সকলো কৰ্মী-সহায়িকাই টিংখাঙৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় চৌহদত সমবেত হৈ কৰ্মবিৰতি পালন কৰি টিংখাং সংহত শিশু উন্নয়ন বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি কৰ্মবিৰতি সন্দৰ্ভত অৱগত কৰে । ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে কয় যে, মাত্ৰ ছয় হাজাৰ টকাৰে পৰিয়াল পোহপাল দিব নোৱাৰি । যেতিয়ালৈকে চৰকাৰে এইসকল কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে কৰ্মবিৰতি পালন কৰিব বুলি সঁকীয়াই দিয়ে । এইসকল কৰ্মী-সহায়িকাই লগতে জংগী আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিয়ে (Anganwadi workers strike in Assam) ।

তেওঁলোকে কয় যে নিজৰ পৰিয়াল আৰু ব্যক্তিগত কাম এৰি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কাম সুচাৰুৰূপে কৰি আহিছে । এই সকল কৰ্মী সহায়িকাই শিশু সকলৰ বাবে কাম কৰি আহিছে যদিও এতিয়াও উচিত শ্ৰম মূল্য নাপাই কৰ্মবিৰতি পালন কৰিব লগা বিষয়টোৱে চৰকাৰৰ দুৰ্বলতাক পুনৰবাৰ উদঙাই দিছে বুলি কয় প্ৰতিবাদকাৰীসকলে । এই সকল অংগনবাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ কথা চিন্তা কৰিবলৈ চৰকাৰ তথা সমাজ কল্যাণ বিভাগৰ সময় হ'ব নে নাই সেয়া সময়তহে পৰিলক্ষিত হ'ব ।

উল্লেখ্য় যে, চলিত বৰ্ষত অসম চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ বাজেটত কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্তাৱ প্ৰস্তাৱ গ্ৰহণ কৰা নাই ৷ যদি এই চৰকাৰে অচিৰেই এই দাবী পূৰণ নকৰে তেনেহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি প্ৰতিবাদকাৰীসকলে সঁকীয়াই দিয়ে ।

২০২১ চনৰ ২৪ ডিচেম্বৰত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে অৱসৰী অংগনবাদী কৰ্মীৰ লগতে ৪ লাখ অংগনবাদী কৰ্মীৰ (Assam State Anganwadi Workers) বাবে ৩ লাখ টকা আৰু সহায়িকাৰ বাবে ২ লাখ টকা এক কালীন সাহাৰ্যৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰি ২০২২-২৩ চনৰ অসম বিধাসভাৰ বাজেটত ২৩ কোটি টকা অনুমোদন জনাইছিল । কিন্তু সেই ধনৰ পৰিমাণ কম হোৱাত পুনৰ ২০২২ চনৰ নৱেম্বৰত শীতকালীন অধিৱেশনৰ পৰিপূৰক বাজেটত ৪৬ কোটি টকা ধাৰ্য কৰাত ক্ষুব্ধ হৈ পৰে কৰ্মী-সহায়িকাসকল । ইয়াৰ পিছৰে পৰাই তেওঁলোকে ধাৰাবাহিকভাৱে আন্দোলন চলাই আহিছে ।

লগতে পঢ়ক: Chakradhar Gogoi Budget Reaction: বাজেটক লৈ অত্যন্ত আশাবাদী বিধায়ক চক্ৰধৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.