মৰাণ, ৩১ ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে ৰাজ্যত মৎস্য উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মৎস্য পালনৰ ক্ষেত্ৰৰ উপযুক্ত বিকাশৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ অৰ্থনৈতিক ভেঁটি অধিক শক্তিশালী কৰি আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । অনুৰূপ ধৰণে, এই আঁচনি ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনেও ইতিমধ্যে কাম আৰম্ভ কৰিছে ।
বুধবাৰে ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ২০২০-২০২১ বৰ্ষৰ বাবে হিতাধিকাৰী নিবাৰ্চন কৰাক লৈ এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীনৰ লগতে বহু কেইজন বিষয়া উপস্থিত থাকে ৷ এই আঁচনিৰ জৰিয়তে মৎস্য পালনেৰে জড়িত লোকসকলে যথেষ্ট সুবিধা লাভ কৰিব বুলি আশাবাদী ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ ।
লগতে পঢ়ক:যৌতুক দাবীৰে পত্নীৰ ওপৰত নিৰ্যাতনৰ অভিযোগ