ETV Bharat / state

ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক - ১৫ খন আঁচনি

বুঢ়ীদিহিং নদীত আৰম্ভ হ'বলগীয়া আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক । বিশ্ব বেংকৰ পুঁজিৰে অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাই আৰম্ভ কৰিব প্ৰকল্পৰ কাম । এই প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত মুঠ ১৫ খন আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে ।

আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত বৈঠক

author img

By

Published : Dec 22, 2020, 4:50 PM IST

মৰাণ, ২২ ডিচেম্বৰ: মঙলবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিশ্ব বেংকৰ পুঁজিৰে অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাই জিলাখনৰ বুঢ়ীদিহিং নদীত আৰম্ভ কৰিবলগীয়া আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয় । ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠকখন অনুষ্ঠিত হয় ৷

আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত বৈঠক
আছাম ইনটিগ্ৰেটেড ৰিভাৰ বেছিন মেনেজমেণ্ট প্ৰকল্প সন্দৰ্ভত বৈঠক

বৈঠকত এই প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণৰ পৰিকল্পনা কৰা ১৫ খন আঁচনি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পূৰ্বে এই প্ৰকল্পৰ পৰা পাৰিপাৰ্শ্বিক-সামাজিক দিশত পৰিব পৰা প্ৰভাৱ নিৰ্ধাৰণৰ বাবে কৰিবলগীয়া অধ্যয়নৰ কাম কিদৰে চক্ৰ বিষয়াসকল আৰু জলসম্পদ বিভাগৰ সহযোগিতাত আগবঢ়াই নিয়া হ'ব সেই সন্দৰ্ভতো আলোচনা কৰা হয় ।

আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু সুশান্ত কুমাৰ দত্তৰ লগতে টেঙাখাত, মৰাণ, নাহৰকটীয়া আৰু ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে । লগতে অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাৰ বিষয়ববীয়াসকল, জলসম্পদ বিভাগ আৰু বন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে বুঢ়ীদিহিঙৰ বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত হোৱাৰ পৰা বহু পৰিয়াল ৰক্ষা পৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.