টিংখাং, 30 জুলাই: এহাল দম্পতী ৷ জাতি-মাটি ৰক্ষাৰ অৰ্থে এদিন দুয়ো ওলাই গৈছিল আৰু হাতত তুলি লৈছিল মাৰণাস্ত্ৰ ৷ সোণৰ অসম গঢ়াৰ সপোন বুকুত বান্ধি তেওঁলোকে যোগদান কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমত ৷ বহুবাৰ কাৰাবাসো খাটিবলগীয়া হৈছিল তেওঁলোকে ৷ ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ আলফা (স্বা) ত সক্ৰিয় সদস্য হৈ থকাৰ সময়তে ম্যাননাৰত বিবাহপাশত আবদ্ধ হৈছিল বন্তি চেতিয়া আৰু তেওঁৰ সতীৰ্থ নোমল চেতিয়া ৷ সশস্ত্ৰ সংগ্ৰামৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি শাৰীৰিক অসুস্থতাৰ বাবে ২০০৮ চনত দম্পতীহাল পুনৰ ঘূৰি আহে মূল সুঁতিলৈ ৷
তাৰ পাচতেই আৰম্ভ হয় তেওঁলোকৰ আন এক জীৱন সংগ্ৰাম ৷ সম্প্ৰতি ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজগড়ৰ ২ নং নভকতীয়া গাঁৱৰ বাসিন্দা এই দম্পতীহাল ৷ নতুনকৈ গতানুগতিক দাম্পত্য জীৱন আৰম্ভ কৰা এই বিপ্লৱী দম্পতীহালে সন্মুখীন হ'বলগীয়া হয় কঠিন বাস্তৱৰ ৷ ঋণ লৈ ধানৰ মিলৰ ব্যৱসায়েৰে তেওঁলোকে কোনোমতে চলাই নিছিল সংসাৰ ৷ কিন্তু মহামাৰী কৰ'ণাৰ প্ৰাদুৰ্ভাৱে আন বহু লোকৰ দৰে বিপৰ্যস্ত কৰে তেওঁলোকৰো জীৱন ৷ কিন্তু তথাপিও থমকি ৰোৱা নাই তেওঁলোক ৷ পূৰ্বৰ ব্যৱসায় বন্ধ হৈ পৰাৰ বাবে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল যদিও, উপাৰ্জনৰ অন্য কোনো পথ বিচাৰি নাপাই তেওঁলোকে আৰম্ভ কৰিছিল আন এক ব্যৱসায় ৷
পূৰ্বতে হাতত মাৰণাস্ত্ৰ তুলি লোৱা দম্পতীহালে সম্প্ৰতি হাতত তুলি লৈছে দা ৷ পথৰ কাষত তেওঁলোকে আৰম্ভ কৰি দিলে মাংস ব্যৱসায়ৰ কাম ৷ ঘৰতে গাহৰি পোহপাল দি মাংস বিক্ৰীৰ কাম অব্যাহত ৰাখিছে তেওঁলোকে ৷ বন্তি চেতিয়াই পথৰ কাষত মাংস কাটি বিক্ৰী কৰা কামৰ বাবে বহু লোকে তেওঁৰ মনোবল ভাগি পৰিবলগীয়া মন্তব্য প্ৰদান কৰে যদিও, ভাগি পৰা নাই তেওঁ ৷ তেওঁৰ মতে সেই কথাবোৰেই হেনো তেওঁৰ সাহস ৷ আনহাতে স্বামীক ব্যৱসায়ত সহযোগ কৰা তেওঁৰ কামৰ শলাগ লৈছে আন একাংশ লোকে ৷
লগতে পঢ়ক: লক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ