মৰাণ, 25 জানুৱাৰীঃ অসম সাহিত্য সভাৰ তৰফৰ পৰা ঘোষণা কৰা ২০২০ বৰ্ষৰ বঁটা প্ৰাপকৰ ভিতৰত স্থান লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে কবি মানসী গগৈয়ে ৷ পেছাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ লীলা গগৈ পুথি সংগ্ৰহালয়ৰ তত্বাবধায়ক কবি মানসী গগৈয়ে তেখেতৰ "জুনুকা পিন্ধা বৰষুণ" নামৰ কবিতা গ্ৰন্থখনৰ বাবে যুটীয়াভাৱে অসম সাহিত্য সভাৰ 'কবি অমূল্য বৰুৱা বঁটা' লাভ কৰিছে |
'আপুনি গৰখীয়া গান ভাল পায়নে' কবিতা পুথিৰে সাহিত্য জগতত খোজ পেলোৱা মানসী গগৈয়ে ইয়াৰ পূৰ্বেও 'বকুল বাগৰিছে ববছা বনত' (শিশু উপন্যাস) আৰু 'জীৱনৰ গল্প' ( গল্প সংকলন) আদি গ্ৰন্থ প্ৰকাশেৰে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ শিৱসাগৰ জিলাৰ কছাৰী পথাৰ গাঁৱত জন্মগ্ৰহণ কৰা মানসীয়ে গাঁৱৰে কছাৰী পথাৰ প্ৰাথমিক বিদ্যালয় আৰু কছাৰী পথাৰ পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰাথমিক আৰু মজলীয়া শিক্ষা সমাপ্ত কৰি পালেঙী উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত ডিমৌ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ কছাৰী পথাৰ নিবাসী ভীমকান্ত গগৈ আৰু পদ্মা কোঁৱৰ গগৈৰ কন্যা মানসী গগৈ বিবাহ সূত্ৰে বৰ্তমান মৰাণৰ চ্যুকাফা নগৰৰ বাসিন্দা ৷
মানসী গগৈৰ এই সাফল্যৰ বাবে মৰাণ সাংবাদিক মঞ্চৰ সভাপতি অদিত চুতীয়া, মুখ্য সম্পাদক যদুনাথ পুৰী, মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্ত, সম্পাদক অকন ভূঞা, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰোহিণী গগৈ আৰু সাধাৰণ সম্পাদক অবিনাশ শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক ঃ কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা ?