ETV Bharat / state

Amrit Brikha Andolan 2023: নাহৰকটীয়াৰ অভয়পুৰত বিশ্ব অভিলেখ গঢ়া 70 শতাংশ অমৃত বৃক্ষই মাগিছে মেলানি

প্ৰতিপালনৰ অভাৱত পুলি মৰিছে অমৃত বৃক্ষৰ ৷ নামৰূপ অভয়পুৰৰ হাপজানত 70 শতাংশ অমৃত বৃক্ষ নাই জীৱিত অৱস্থাত ৷ অমৃত বৃক্ষ ৰোপনৰ নামত স্থানীয় ৰাইজক হাৰাশাস্তিৰ অভিযোগ ৷ নাহৰকটীয়াৰ অভয়পুৰত ৰাইজৰ ক্ষোভ ৷

Amrit Brikha Andolan 2023
নাহৰকটীয়াৰ অভয়পুৰত 70 শতাংশ অমৃত বৃক্ষই মাগিছে মেলানি
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 8:11 PM IST

নাহৰকটীয়াৰ অভয়পুৰত 70 শতাংশ অমৃত বৃক্ষই মাগিছে মেলানি

নাহৰকটীয়া, 19 ছেপ্টেম্বৰ : ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি 1 কোটি গছপুলি ৰোপণ কৰিবলৈ গ্ৰহণ কৰিছিল ‘‘অমৃত বৃক্ষ আন্দোলন’’ ৷ উক্ত আঁচনিৰ অধীনত নাহৰকটীয়াৰ অভয়পুৰত 15 ছেপ্টেম্বৰত প্ৰায় 3.50 লাখ বাণিজ্যিক চাহিদা সম্পন্ন গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ এক প্ৰচেষ্টা হাতত লৈছিল ডিব্ৰুগড় জিলা প্ৰশাসনে ৷

অৱশ্যে সেউজ ধৰণীৰ বিপৰীতে শেহতীয়াকৈ এই ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ নামত প্ৰসহনত পৰিণত হৈছে কিছু কিছু স্থানত ৷ উল্লেখ্য যে নামৰূপ অভয়পুৰৰ হাপজান পৰ্বতত এক ঘন্টাত 3 লাখ 50 হাজাৰ গছপুলি ৰোপণ কৰি গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে ঠিকে ৷ কিন্তু প্ৰতিপালনৰ অভাৱত প্ৰায় 70 শতাংশ গছৰ পুলি মৰি গৈছে ।

ইফালে প্ৰখৰ ৰ’দ আৰু অঞ্চলটোৰ গৰু-ছাগলীয়ে খাই তহিলং কৰিছে গছপুলিসমূহ । স্থানীয় লোকৰ বাঁহগছ, চাহ বাগিছা, তামোল গছ আদি কাটি ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিলে ৷ কিন্তু এতিয়া অমৃত বৃক্ষ ভক্ষণেৰে পেট ভৰাইছে গৰু-ছাগলীয়ে ৷ ফলত উক্ত অঞ্চলটোত চৰকাৰে অৰাজকতাহে সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, গাঁৱৰ দুখনকৈ শ্মশানো বৃক্ষ ৰোপণৰ বাবে ব্যৱহাৰ কৰিছে অসম চৰকাৰে ৷ তদুপৰিও অভয়পুৰ অঞ্চলটোত প্ৰায় 1200 বিঘা চিলিং মাটি আছে তাৰে 400 বিঘা মাটি চহৰীয়া কোম্পানীয়ে ইতিমধ্যে অধিগ্ৰহণ কৰি ৰাখিছে ৷ বাকী 800 বিঘা মাটি চৰকাৰী মাটিত স্থানীয় লোকসকলে 100ৰ পৰা 150 বিঘাহে দখল কৰি কৃষি-কৰ্মৰে জীৱিকাৰ পথ মোকলাই আহিছিল ৷ কিন্তু ৰাইজে দখল কৰি ৰখা প্ৰায় 150 বিঘা মাটিৰ অধিকাংশ মাটিত উচ্ছেদ চলাই অমৃত বৃক্ষ ৰোপণ কৰিলে ৷ যাৰ বাবে গাঁওবাসীৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Firing incident at Naharkatia : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.