ETV Bharat / state

Sarita Toshniwal case verdict : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’ল অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচ

author img

By

Published : May 18, 2023, 5:20 PM IST

অৱশেষত 9 বছৰৰ পাচত আহিল এক সুখবৰ ৷ সুদীৰ্ঘ 9 টা বছৰৰ অন্তত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান দিলে আদালতে (AMCH ward boy convicted in Sarita Toshniwal's murder case) ৷ ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে (Sarita Toshniwal case verdict) ৷

Sarita Toshniwal case verdict
অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ

ডিব্ৰুগড়, 18 মে’ : AMCH ৰ কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ অভিযুক্ত ৱাৰ্ড বয় কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ (AMCH ward boy convicted in Sarita Toshniwal's murder case)। আজি অৰ্থাৎ বৃহস্পতিবাৰে সত্ৰ ন্যায়ধীশ আদালতত অনুষ্ঠিত হোৱা অন্তিমখন শুনানিত আদালতে কিৰো মেচক IPC302 ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহে । অৱশ্যে আদালতে কিৰো মেচক উচ্চ ন্যায়ালয়ত এই ৰায়দানৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই আবেদন কৰাৰ সুযোগ প্ৰদান কৰে (Sarita Toshniwal case verdict) ।

ইফালে এই ঘটনাৰ আন এজন অভিযুক্ত ডাঃ দীপমনি শইকীয়াক বুধবাৰে দোষমুক্ত ঘোষণা কৰিছিল আদালতে । 152 পৃষ্ঠাৰ ৰায়দানত ডাঃ দীপমনিৰ বিৰুদ্ধে হত্যাকাণ্ডত জড়িত থকাৰ প্ৰমাণ লাভ নকৰাত আদালতে দোষমুক্ত বুলি ঘোষণা কৰে ডাঃ দীপমনিক (AMCH doctor Sarita Toshniwal murder case)।

ইফালে 2014 চনৰ 8 মে’ৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ আই চি ইউত ডাঃ সৰিতা তচনিৱাল, ডাঃ দীপমনি শইকীয়া, পূৰ্ণিমা বড়া দাস আৰু কিৰো মেচ কৰ্তব্যৰত আছিল । ইতিমধ্যে কিৰো মেচে সমগ্ৰ ঘটনাৰ স্বীকাৰোক্তি দিছিল যদিও 9 বছৰ পাচত সকলো পৰিৱেশ সলনি হৈ পৰিল (Dibrugarh District and Session Judge Court) ।

সুদীৰ্ঘ 9 বছৰৰ অন্তত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান প্ৰদান কৰে ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশ আদালতে । ইয়াৰ পূৰ্বে দেশ কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায়দানৰ দিন নিৰ্ধাৰণ কৰা হৈছিল 12 মে’ৰ দিনা ৷ মূল অভিযুক্ত কিৰো মেচ অসুস্থ বুলি তেওঁৰ অধিবক্তাই জনোৱাৰ পিচত এই ৰায়দান স্থগিত ৰখা হয় ৷ তাৰ পিচত আদালতে পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰে 17 মে’ (Sarita Toshniwal murder case verdict postponed) ।

লগতে পঢ়ক : Sarita Toshniwal case verdict : সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচ; দোষমুক্ত দীপমণি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.