মৰাণ, 7 মে’ : সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো ক’ভিড-19 য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ডিব্ৰুগড়ত নতুনকৈ 456 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থতি ধৰা পৰা বিপৰীতে বিগত 24 ঘন্টাত 5 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা আৰু আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তথাপিও ডিব্ৰুগড়ত ক’ভিড ৰোগীৰ সংখ্যা অনিয়ন্ত্ৰিত হৈ আছে । গুৱাহাটী মহানগৰীৰ পাচতে এতিয়া ডিব্ৰুগড়ত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ক’ভিডৰ বাবে ৷ ডিব্ৰুগড় বাসীয়ে যাতে ক’ভিডৰ সকলো নীতি-নিৰ্দেশনা মানি চলে, তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে জিলা আৰক্ষীয়ে ৷
আনহাতে, ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসালয় মহাবিদ্যালয় হাস্পতালৰ বহিঃ বিভাগ 14 দিনৰ বাবে বন্ধৰ ঘোষণা কৰিছে ৷ ক'ভিড সংক্ৰমণৰোধৰ বাবে অসম চিকিৎসালয় মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে, হাস্পতালত জৰুৰীকালীন সেৱা অব্যাহত থকাৰ লগতে অসম চিকিৎসালয় মহাবিদ্যালয় হাস্পতালৰ সমূহ কৰ্মচাৰীক নিয়মীয়াকৈ উপস্থিত থাকিবলৈ হাস্পতাল কৰ্তৃপক্ষই নিৰ্দেশ প্ৰদান কৰিছে ।
লগতে পঢ়ক : মৰাণত ক'ভিডত আক্ৰান্ত হৈ প্ৰাক্তন ভলীবল খেলুৱৈৰ মৃত্যু