ETV Bharat / state

ৰাজপথৰ আন্দোলন নহয় ৰাজপথত জীৱনদায়িনী যাত্ৰা আছুৰ

এইবাৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ আৰু বিভিন্ন সময়ত দুৰ্ঘটনা গ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আছুৱে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ৷ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই মুকলি কৰিলে এক এম্বুলেঞ্চ সেৱা ।

ambulance-service-by-aasu
ৰাজপথৰ আন্দোলন নহয় ৰাজপথত জীৱনদায়িনী যাত্ৰা আছুৰ
author img

By

Published : Oct 19, 2021, 7:42 PM IST

ডিব্ৰুগড়, 19 অক্টোবৰ : মাত্ৰ কিছুদিনৰ পূৰ্বে ফিলবাৰী কাণ্ডত ছাত্ৰ কৰ্মীৰ ভুলৰ বাবে ৰাজ্যজুৰি সমালোচিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা (আছু ) ৷ কেৱল সেয়াই নহয় বিভিন্ন সময়ত বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে সমালোচিত হৈ আছে আছু ৷ ইয়াৰোপৰি প্ৰায়েই চান্দা সংস্কৃতি কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে সংগঠনটোৰ ওপৰত ৷ কিন্তু, আছুৰ সামাজিক দায়বদ্ধতাৰ কথা, অসমীয়া সমাজ জীৱনত থকা অৱদানৰ কথা কোনেও কাহানিও নুই কৰিব নোৱাৰে ৷

সেইয়ে হয়তো ৰাইজৰ হাজাৰ ওজৰ আপত্তিৰ পিছতো এতিয়াও অসমীয়া ৰাইজৰ সবাটোকৈ আদৰৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা ৷ সেই কথাই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ৷ এইবাৰ দুখীয়া শ্ৰেণীৰ জনসাধাৰণ আৰু বিভিন্ন সময়ত দুৰ্ঘটনা গ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ডিব্ৰুগড়ত আছুৱে মুকলি কৰিলে এক এম্বুলেঞ্চ সেৱা ।

ৰাজপথৰ আন্দোলন নহয় ৰাজপথত জীৱনদায়িনী যাত্ৰা আছুৰ

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বেংকৰ জৰিয়তে ঋণ লৈ ৰাইজৰ বাবে মুকলি কৰা এই এম্বুলেঞ্চ সেৱাৰ মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

ডিব্ৰুগড় শ্বহীদ ন্যাসত এম্বুলেঞ্চ সেৱাৰ মুকলি অনুষ্ঠানত গায়ন-বায়নেৰে মাংগলিক কাৰ্যসূচীৰ জৰিয়তে এম্বুলেঞ্চ খন চলাই মুকলি কৰে আছুৰ সাধাৰণ সম্পাদক জনে । অনুষ্ঠানত অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন সৃষ্টিধৰ দত্ত, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক গন্ধেশ্বৰ শইকীয়া, বৃহত্তৰ প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা সহ আছুৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে, ইতিমধ্যে ডিব্ৰুগড় আছুয়ে স্বৰ্গৰথ নামৰ এখন মৃতদেহ কঢ়িওৱা বাহন মুকলি কৰি ডিব্ৰুগড়ৰ লগতে উজনি অসমৰ তিনিচুকীয়া, শদিয়া, ধেমাজি-লক্ষীমপুৰলৈকে দৰিদ্ৰ লোক সকলৰ সেৱা আগবঢ়াই আহিছে । মঙলবাৰে এই এম্বুলেঞ্চ সেৱা উদ্বোধন কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি কৈ এম্বুলেঞ্চখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ যথেষ্ট উপকৃত হব বুলি আশা ব্যক্ত কৰে শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক : ভাওনাৰ মঞ্চত বিকৃত আচৰণক লৈ কি আহ্বান জনালে শংকৰজ্যোতি বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.