ETV Bharat / state

Private medical negligence: সুস্থ ৰোগীক দুবাৰকৈ অস্ত্ৰপ্ৰচাৰ কৰাৰ অভিযোগ ডিব্ৰুগড়ৰ মেডিকেয়াৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে

author img

By

Published : Aug 18, 2023, 1:27 PM IST

ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ ৷ মেডিকেয়াৰ নামৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰোগী পৰিয়ালৰ ৷ সুস্থ ৰোগীক দুবাৰ অস্ত্ৰপ্ৰচাৰ কৰি মুমূৰ্ষ অৱস্থা কৰিলে নাৰ্ছিংহোমৰ চিকিৎসকে ৷

Private medical negligence
মেডিকেয়াৰ নামৰ নাছিংহোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
মেডিকেয়াৰ নামৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ডিব্ৰুগড়, 18 আগষ্ট : ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমত কেৱল ধন ঘটাৰ বাবে ৰোগীৰ জীৱনক লৈ ল’ৰা ধেমালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । উপযুক্ত চিকিৎসক, চিকিৎসাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি নথকাকৈ চলি আছে একাংশ নাৰ্ছিংহোম । স্বাস্থ্য বিভাগৰ একাংশ শীৰ্ষ বিষয়াক মেনেজ কৰি কেৱল ধন ঘটিবলৈকে যেন খুলি লৈছে নাৰ্ছিংহোম । বহু কেইখন নাৰ্ছিংহোমত ৰোগী সুস্থ হোৱাৰ পৰিৱৰ্তে অধিক অসুস্থ আৰু মৃত্যু হোৱাৰ খবৰ ওলাই আছে যদিও এই নাৰ্ছিংহোমসমূহক নাকী লগাবলৈ আজিও সক্ষম নহয় স্বাস্থ্য বিভাগ ।

ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমত ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন হোৱা সময়তে পুনৰ পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ ‘মেডিকেয়াৰ’ নামৰ নাৰ্ছিংহোমৰ কু-কৰ্ম । নাৰ্ছিংহোমখনৰ বিৰুদ্ধে ৰোগীৰ পৰিয়ালে আনিছে গুৰুতৰ অভিযোগ ।

এগৰাকী প্ৰসূতিক এবাৰ নহয় দুবাৰকৈ অস্ত্ৰপ্ৰচাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ । শিৱসাগৰৰ চেঙেলীবাৰী হাছিনা বেগম নামৰ প্ৰসূতি গৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাত উক্ত নাৰ্ছিংহোমলৈ আনিছিল । শনিবাৰে প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ বিনোদ কুমাৰ পণ্ডিত আৰু ডাঃ ৰাজু ডামানিৰ নেতৃত্বত এটা দলে কৰা অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে এটি কন্যা সন্তান জন্ম হয় ।

সদ্যজাত সন্তানসহ প্ৰসূতি মাতৃগৰাকী সুস্থ অৱস্থাত চিকিৎসালয়ৰ কেবিনলৈ অনা হয় যদিও নিশাৰ ভাগলৈ অস্বাভাৱিকভাৱে ৰক্তক্ষৰণ হয় প্ৰসূতিগৰাকীৰ । লগে লগে পুনৰ চিকিৎসালয়ৰ ICU কক্ষলৈ নিয়ে যদিও সংকটজনক হৈ পৰে । পৰৱৰ্তী সময়ত পুনৰ দেওবাৰে আন এক অস্ত্ৰোপ্ৰচাৰ কৰে প্ৰসূতিগৰাকীক । লগতে কিডনীৰ ডাইলচিচ পৰ্যন্ত কৰি থকা হৈছে । ইয়াৰ পাচতে অধিক সংকটজনক হৈ পৰে মহিলাগৰাকীৰ স্বাস্থ্য ।

আনহাতে, দেওবাৰৰ পৰা বৰ্তমানলৈকে প্ৰসূতিগৰাকীৰ স্বাস্থ্য কেনে অৱস্থাত আছে এই সন্দৰ্ভত পৰিয়ালৰ আগত বিশেষ জানিবলৈ নিদিয়াত পৰিয়ালৰ লোকসকল ক্ষোভিত হৈ পৰিছে । আনপিনে ৰোগীৰ স্বাস্থ্য জটিল হোৱা পাচতেই নাৰ্ছিংহোম কৰ্তৃপক্ষই বৰ্তমান ক'মা অৱস্থাত থকা ৰোগীক চিকিৎসালয়খনৰ পৰা উলিয়াই নিবলৈহে ভয় ভাবুকি আৰু কাগজত চহী কৰিবলৈ বাধ্য কৰোৱা বুলিও অভিযোগ কৰিছে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ আত্মীয়ই ।

নাৰ্ছিংহোমখনৰ ভুল চিকিৎসা আৰু ৰোগীৰ জীৱনক লৈ হেতালী খেলা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ বাবে গৈছিল যদিও আৰক্ষীয়ে গোচৰ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে । উল্লেখযোগ্য যে, পূৰ্বে কোনো ধৰণৰ সমস্যা নথকা এগৰাকী প্ৰসূতি সুস্থ অৱস্থাত নাৰ্ছিংহোমলৈ আহি অস্ত্ৰপ্ৰচাৰৰ জৰিয়তে এটি কন্যা সন্তান জন্ম হয় যদিও চিকিৎসকৰ ভুলৰ বাবেই পুনৰ দ্বিতীয়বাৰ অস্ত্ৰোপ্ৰচাৰ আৰু বৰ্তমান মুমূৰ্ষ অৱস্থালৈ গতি কৰাত শোকত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ।

আনহাতে, স্বত্বাধিকাৰী ডাঃ ৰাজু ডামানিয়ে প্ৰসূতিগৰাকীৰ অস্ত্ৰপ্ৰচাৰৰ পূৰ্বে উচ্চ ৰক্তচাপ আছিল বুলি কয় । লগতে অভিজ্ঞ চিকিৎসকৰো অস্ত্ৰপচাৰৰ ক্ষেত্ৰত কেতিয়াবা ৰক্তক্ষৰণ হোৱা দেখা যায় বুলি কৈ দায় সৰা মন্তব্য কৰে চিকিৎসক তথা স্বত্বাধিকাৰী ডাঃ ৰাজু ডামানিয়ে । এতিয়া কথা হ'ল ৰোগীৰ জীৱনক লৈ হেতালী খেলা নাৰ্ছিংহোমৰ বিৰুদ্ধে এতিয়া তদন্ত কৰি ব্যৱস্থা ল'ব কোনে তাক লৈ উখাপিত হৈছে ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক : India lives for humanity: মানৱতাৰ বাবেই ভাৰত জীয়াই আছে; দত্তাত্ৰেয় হোচাবালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.