ডিব্ৰুগড়, ২৩ আগষ্ট: ৰোগীৰ জীৱনক লৈ ল'ৰা ধেমালি কৰি ৰোগীক মৃত্যুমুখলৈ ঠেলি দিয়াৰ ঘটনা প্ৰায়ে সংঘটিত হয় ডিব্ৰুগড়ত । উপযুক্ত চিকিৎসক, চিকিৎসাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি নথকাকৈ চলি আছে একাংশ নাৰ্ছিং হোম । বহুকেইখন নাৰ্ছিং হোমত ৰোগী সুস্থ হোৱাৰ পৰিৱৰ্তে অধিক অসুস্থ আৰু কিছুৰ মৃত্যু হোৱাৰ খবৰ ওলাই আছে যদিও এই নাৰ্ছিংহোমসমূহক নাকী লগাবলৈ আজিও সক্ষম নহয় স্বাস্থ্য বিভাগ ।
ইয়াৰ মাজতে ডিব্ৰুগড়ত পুনৰ চিকিৎসকৰ গাফিলতিত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । এইবাৰ চকুৰ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ দৃষ্টি নেত্ৰালয়ত সংঘটিত হৈছে এই কৰুণ ঘটনা । চিকিৎসকৰ চৰম গাফিলতিৰ পৰিণতিতে নিশা প্ৰাণ হেৰুৱাবলগীয়া হয় মৰাণৰ অৰুণিমা শেনছোৱা নামৰ ৬৮ বছৰীয়া মহিলাগৰাকীয়ে ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি চকুৰ চিকিৎসাৰ বাবে অপাৰেচন থিয়েটাৰলৈ নিয়া ২০ মিনিটৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটিছিল অৰুণিমাৰ । সংকটজনক অৱস্থাত অৰুণিমাক অপাৰেচন থিয়েটাৰৰ পৰা উলিয়াই আনি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইফালে মহিলাগৰাকী ডায়েবেটিচ ৰোগতো আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।
কিন্তু প্ৰাথমিক চিকিৎসা নকৰাকৈ ডায়েবেটিচ ৰোগত আক্ৰান্ত ৰোগীক অস্ত্ৰোপচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । অন্যহাতে, দৃষ্টি নেত্ৰালয়ৰ স্বত্বাধিকাৰ তথা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ দায়িত্বত থকা ডাঃ ৰমেশ আগৰৱালাই চিকিৎসাত গাফিলতি হোৱাৰ কথা অকপটে স্বীকাৰ কৰে । অৱশ্যে মহিলাগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰিছে চিকিৎসক ডাঃ আগৰৱালাই ।
চিকিৎসকজনৰ মতে, ইয়াৰ পূৰ্বে সংঘটিত হৈছিল অনুৰূপ ঘটনা । ইফালে এই ঘটনাটোৰ বিৰুদ্ধে অৰুণিমা শেনছোৱাৰ পৰিয়ালৰ লোকে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰে এখন এজাহাৰ । আৰক্ষীৰ তদন্ত সঠিকভাৱে আগবাঢ়িলে এইসমূহ চিকিৎসালয়ত আচলতে চিকিৎসাৰ নামত কি চলে সেই কথা পোহৰলৈ আহিব ।
লগতে পঢ়ক: Assam Police: আৰক্ষী বিষয়া পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু