ETV Bharat / state

যুদ্ধকালীন প্ৰস্তুতিৰে যাত্ৰীক আদৰিবলৈ সাজু বাণীপুৰ ৰে’ল ষ্টেচন

বহিঃৰাজ্যত আবদ্ধ লোকসকলক ৰাজ্যলৈ কঢ়িয়াই অনা ৰাজধানী এক্সপ্ৰেছক আদৰবিলৈ ব্যাপক প্ৰস্তুতি চলিছে ডিব্ৰুগড় জিলাত ৷ নিৰ্দিষ্ট ৰে’লখন বৃহস্পতিবাৰে আহি উপস্থিত হ’ব ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনত ৷ এই সন্দৰ্ভত সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ Covid 19 ৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ব্যৱস্থা ইতিমধ্যে সাজু হৈছে জিলাখনত ৷

author img

By

Published : May 13, 2020, 4:01 PM IST

all essential work ready at banipur railway station dibrugarh assam etv bharat news
যাত্ৰীক আদৰিবলৈ সাজু বাণীপুৰ ৰে’ল ষ্টেচন

ডিব্ৰুগড়,13 মে’: বৃহস্পতিবাৰে পুৱা ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা অহা প্ৰায় 482 গৰাকী ব্যক্তি উপস্থিত হ’ব ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনত । এই ৰে’লখনত বহিঃৰাজ্যৰ পৰা আহিছে অসমৰ কেইবাখনো জিলাৰ লোক । বৰ্তমানলৈকে গ্ৰীণ জ’ন হিচাপে চিহ্নিত ডিব্ৰুগড়ত বহিঃৰাজ্যৰ পৰা আহিবলগীয়া এইসকল লোকৰ আগমন একপ্ৰকাৰ চিন্তনীয় বিষয় হৈ পৰিছে ৷ স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বৰ্তমান বিষয়টোৰ সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিব তাৰ প্ৰতি নজৰ ৰাখিছে সাধাৰণ জনতাই ৷ কিন্তু ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বাণীপুৰ ষ্টেচনত উপস্থিত হ'বলগীয়া বিভিন্ন জিলাৰ লোকৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সম্বন্ধে সকলো তথ্য সদৰী কৰে ৷ উল্লেখ্য যে, জিলাৰ অতিৰিক্ত উপায়ুক্ত দীপু কুমাৰ ডেকাই ষ্টেচনটোত উপস্থিত হ’বলগীয়া প্ৰতিগৰাকী ব্যক্তিক স্ক্ৰীনিং কৰাৰ ব্যৱস্থা হাতত লোৱা বুলি প্ৰকাশ কৰে ৷ ইয়াৰ বাবে গঢ়ি তোলা হৈছে এক স্ক্ৰীনিং কেন্দ্ৰ । তদুপৰি প্ৰতিজন ব্যক্তিক কোৱাৰেণ্টাইনত ৰাখি Covid 19 ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ষ্টেচনটোত ৷

আনহাতে, প্ৰতিখন জিলাৰ যাত্ৰীসকলৰ বাবে পৃথকে জিলা অনুযায়ী কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে ৷ স্ক্ৰীনিঙৰ পাছত ব্যক্তিসকলক নিদিষ্ট জিলালৈ জিলা প্ৰশাসনৰ উদ্যোগত লৈ যোৱাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ অন্তত কোৱাৰেণ্টাইনত ৰখা হ'ব । ডিব্ৰুগড়ৰ লোকসকলৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে গ্ৰহণ কৰিব একে ব্যৱস্থা ৷ লগতে থাকিব চক্ৰ অনুযায়ী একোটা বিশেষ কেন্দ্ৰ ৷ মুঠৰ ওপৰত চৰকাৰে জাৰি কৰা প্ৰতিটো নিৰ্দেশ পালন কৰিব লাগিব ব্যক্তিসকলে ৷

ইফালে, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা৹ নৱজ্যোতি গগৈয়ে এইক্ষেত্ৰত স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে ৷ আহিবলগীয়া ব্যক্তিসকলক পোনতে চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখি পৰৱৰ্তী সময়ত যদি লোকজন সুৰক্ষিত হয়, তেন্তে পুনৰ 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইনত ৰখা হ’ব ৷ কোনো ব্যক্তিকে উপযুক্ত পৰীক্ষা অবিহনে হোম কোৱাৰেণ্টাইনত ৰখা নহয় বুলি নিশ্চিতি প্ৰদান কৰে সঞ্চালক গৰাকীয়ে ৷ যদি কোনো লোকৰ ক্ষেত্ৰত সাধাৰণ জ্বৰ, কাঁহ আদিৰ লক্ষণ দেখা দিয়াৰ পিছত Covid 19 পৰীক্ষাৰ ফলাফল নিগেটিভ আহে তেন্তে তেনে লোকক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ নকৰে স্বাস্থ্য বিভাগে ।

স্বাস্থ্য বিভাগ সাজু

ইতিমধ্যে জিলাখনত থকা ইনষ্ট’লেশ্যন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ উপৰিও হোটেল, বিবাহ ভৱন সমূহকো কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে সাজু কৰি ৰখা হৈছে । লগতে পেইড হোটেল, বাজেট হোটেলৰো ব্যৱস্থা আছে জিলাখনত । তদুপৰি বৃদ্ধ লোক, গৰ্ভৱতী মহিলা, কৰ্কট ৰোগী আদিৰ ক্ষেত্ৰত যিসকলক বিশেষ পৰিচৰ্যাৰ দৰকাৰ সেইসকলক বাজেট হোটেলত ৰখা হ’ব ৷ এই বাজেট হোটেলৰ সমস্ত খৰচ চৰকাৰে বহন কৰিব বুলি স্বাস্থ্য বিষয়াজনে স্পষ্ট কৰে ।

লগতে চাওকঃ ৩০ দিনৰ ভিতৰত দেশত প্ৰায় 5.50 লাখ লোক আক্ৰান্ত হ’ব কৰ’ণাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.