ETV Bharat / state

ডিব্ৰুগড়ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদ মেল

author img

By

Published : Jan 20, 2021, 10:26 PM IST

বুধবাৰে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৷ শাসকীয় বিজেপি চৰকাৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাৰ বিৰুদ্ধে সংবাদমলেত ক্ষোভ উজাৰে সংগঠনটোৱে ৷

As_Moran_all-assam-matak-yuba-chatra-sanmilan-pressmeet-at-dibrugarh_vis_As10031
ডিব্ৰুগড়ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সংবাদ মেল

ডিব্ৰুগড়,20 জানুৱাৰী: ৰাজ্য চৰকাৰে কেৱল কথাহে কয় কিন্তু মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই অভিযোগ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটোৰ নেতৃবৃন্দ ৷ মটক জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্ব শাসন প্ৰদান কৰাৰ দিশত আজি চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে সেইয়া কেৱল ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ গতিকে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা নকৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ লাভ কৰিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

ইয়াৰ উপৰিও অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধেও নিজৰ ক্ষোভ উজাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ৷ অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ বিভিন্ন নিবনুৱা সমস্যা সমাধান কৰিবলৈ যেনে পদক্ষেপ বহন কৰিব লাগে তেনে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰাৰ অভিযোগ সংগঠনটোৰ ৷ গতিকে আজিৰ সংবাদ মেলতেই আগন্তুক 25 জানুৱাৰীৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ সকিয়নী প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক-গুৱাহাটী প্ৰেছ ক্লাৱত মহিলা সাংবাদিকক দুব্যৱহাৰ :কে.বিক্ৰম ৰাওৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.