ETV Bharat / state

জনজাতিকৰণৰ দাবীত মৰাণত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 20, 2020, 11:02 AM IST

এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ৷

All Assam Chutiya student union protest at Moran
জনজাতিকৰণৰ দাবীত মৰাণত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

মৰাণ, 20 ছেপ্তেম্বৰ: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদান কৰাৰ দাবীত দেওবাৰে মৰাণ ট্ৰেফিক পইন্টৰ সমীপত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিড়তে জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ লগতে অচিৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ৷

উল্লেখ্য যে, নিৰ্বাচন আহিলেই সততে উত্থাপিত হোৱা এটা দাবী হ'ল ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা । আজি বহু বছৰৰ পৰাই অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰি আহিছে যদিও সেই দাবীসমুহ বাস্তৱ হোৱা নাই । প্ৰতিখন চৰকাৰৰ দৰে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ আগে আগে শাসনলৈ আহিলে চুতীয়া জনগোষ্ঠীৰ লগতে আন জনগোষ্ঠী সমূহকো জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সময়ত সকলো বাদ পৰি ৰ'ল । বিশেষকৈ চুতীয়া জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে যদিও প্ৰতিখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে জনগোষ্ঠীটোক ।

লগতে পঢ়কঃ বৰমাৰ দীঘেলীত অগ্নিকাণ্ড: এখন দোকান ভস্মীভূত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.