ETV Bharat / state

AJP Protest in Namrup: নামৰূপ সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ - অসম জাতীয় পৰিষদ

নামৰূপ সাৰকাৰখানা বন্ধ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ৷ প্ৰতিবাদত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

AJP Protest Against Shut Down of Namrup Fertilizer
অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jul 26, 2023, 4:38 PM IST

নামৰূপত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ

নাহৰকটীয়া, 26 জুলাই : সংসদৰ মজিয়াত নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ নীতি আয়োগে দিয়া পৰামৰ্শ ফাদিল হোৱাৰ পাছত ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত এতিয়া নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক, অ-ৰাজনৈতিক দল-সংগঠন ৷ নামৰূপকে ধৰি ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে দল-সংগঠন সমূহে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷

বুধবাৰেও নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত হয় ৷ নামৰূপ সাৰ কাৰখানাক লৈ বুধবাৰেও উত্তাল হৈ পৰে সাৰনগৰী নামৰূপ ৷ নামৰূপ সাৰকাৰখানা বন্ধ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বুধবাৰে নামৰূপ সাৰ কাৰখানা কপাঁই অসম জাতীয় পৰিষদে ৷ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা অসম জাতীয় পৰিষদৰ প্ৰতিবাদত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

সাৰ কাৰখানাকলৈ চলি থকা ৰাইজৰ প্ৰতিবাদ আন্দোলনৰ মাজতেই কেন্দ্ৰীয় সাৰমন্ত্ৰী গৰাকীয়ে নামৰূপ সাৰকাৰখানা বন্ধ নহয় বৰঞ্চ ইয়াক আধুনিকীকৰণ কৰা হ’ব বুলি প্ৰকাশ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, এইয়া এক ৰাজনৈতিক টোপ ৷ 2024ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এনে ঘোষণা কৰিছে, প্ৰকৃততে নামৰূপ সাৰকাৰখানা পুনৰুজ্জীৱিত কৰিবলৈ তেওঁলোকৰ সদিচ্ছা নাই বুলি প্ৰকাশ কৰে অজাপৰ সভাপতিজনে ৷

তেওঁ কয় যে, এই উদ্যোগটোৰ চতুৰ্থ গোট স্থাপন হ’ব বুলি বাৰে বাৰে চৰকাৰে ঘোষণা কৰিও চতুৰ্থ গোট স্থাপন কৰিব নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে ভাৰতবৰ্ষৰ বন্ধ হৈ যোৱা, বিশেষকৈ সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা 7টা সাৰ উদ্যোগৰ 5টা পুনৰুজ্জীৱিত কৰিলে ৷ অথচ এতিয়াও জীয়াই থকা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ সিদ্ধান্ত চৰকাৰে ল’ব পৰা নাই ৷

লগতে নেতাজনে কয় যে, ভাৰতৰ অৰ্থনীতিত অৱদান আগবঢ়াই অহা নামৰূপ সাৰখানা বন্ধৰ জৰিয়তে চৰকাৰে উত্তৰ-পূৱৰ অৰ্থনৈতিক তথা চাহ শিল্পৰ সমগ্ৰ পৰিকাঠামো ধ্বংস কৰি দিয়াৰ কাৰণে এই ষড়যন্ত্ৰ কৰিছে ৷ লগতে কেৱল মাত্ৰ আদানীৰ হাতত সাৰৰ বজাৰখন দি দিবৰ বাবেই অসমৰ এই ৰাজহুৱা খণ্ডৰ উদ্যোগটো এনেদৰে তিল তিলকৈ মাৰি পেলাবলৈ চেষ্টা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : AASA Protest in Namrup:সাৰ কাৰখানা ৰক্ষাৰ দাবীত আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.