মৰাণ, 21 অক্টোবৰ : আঞ্চলিক দল অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ 1987 চনত যোগদান কৰি একেৰাহে 33 টা বছৰে নিষ্ঠাৰে দলত সেৱা আগবঢ়াই অহা কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য তথা বৰ্তমান ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহঃ জাকিৰ হুছেইনে দলৰ প্ৰাথমিক সদস্য পৰা পদত্যাগ কৰিছে ।
কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত উল্লেখ কৰা অনুসৰি, অসম আন্দোলনৰ পটভূমিত জন্ম গ্ৰহণ কৰা অসম গণ পৰিষদ দলে পূৰ্বৰ স্থিতিত অটল নাথাকি বৰ্তমান ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি কৌশলগত ভাৱে একনায়কত্ববাদ ভাবে শাসন চলাই যোৱাত অতিষ্ঠ হৈ অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা কথা উল্লেখ কৰিছে নেতা গৰাকীয়ে ।
উল্লেখ্য যে, অগপ দলৰ পৰা পদত্যাগ কৰাৰ পিচত বৰ্তমান কোন দলত যোগদান কৰিব সেই সম্পৰ্কে বৰ্তমানলৈ কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই জ্যেষ্ঠ নেতা গৰাকীয়ে ৷
লগতে পঢ়ক : পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা