ETV Bharat / state

মৰাণত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা AJPত যোগদান

author img

By

Published : Oct 23, 2020, 10:06 AM IST

AJP ৰ দলৰ ভেটি সবল কৰাৰ উদ্দেশ্যে মৰাণত সদস্য ভৰ্তি কাৰ্যসূচী অব্যাহত ৷ আন দলৰ ৰথী-মহাৰথী নেতা AJPত যোগদান ৷

AGP leader joined in AJP in Moran
মৰাণত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা AJP ত যোগদান

মৰাণ, 23 অক্টোবৰ : সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলে ৰণডংকা বজাবলৈ সক্ষম হৈছে । আগন্তুক নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ নতুনকৈ ৰাজ্যত গঠন হোৱা 'অসম জাতীয় পৰিষদে' নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে মৰাণত এজনৰ পাছত আন এজন ৰাজনৈতিক দলৰ নেতাক দলত যোগদান কৰাই দলৰ ভেঁটি শক্তিশালী কৰিবলৈ দলত সদস্য ভৰ্তি কাৰ্যসূচী অব্যাহত আছে । মৰাণৰ শক্তিশালী অগপ নেতা ৰাফেল কুজুৱে 'অসম জাতীয় পৰিষদ'ত যোগদান কৰাৰ পিচতে বৃহস্পতিবাৰে পুনৰ 'অসম গণ পৰিষদ'ৰ সাংগঠনিক দায়িত্বত থকা বিকাশ বুঢ়াগোহাঁই 'অসম জাতীয় পৰিষদ'ত যোগদান কৰে ।

লগতে পঢ়ক : অজিত ভূঞাক অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে: পীযুষ হাজৰিকা

উল্লেখ্য যে,বিকাশ বুঢ়াগোহাঁই 2006 চনত ডিব্ৰুগড় টিংখাং সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়াইছিল ।

উল্লেখ্য যে,যোগদান অনুষ্ঠানত উপস্থিত আছিল 'অসম জাতীয় পৰিষদ'ৰ ৰাজ্যিক আহ্বায়ক ৰাফেল কুজুৰ লগতে জাতীয় পৰিষদৰ বহু কৰ্মী ।

লগতে পঢ়ক : তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.