মৰাণ, 13 ডিচেম্বৰ: ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মৰাণৰ অগপ আৰু কংগ্ৰেছত ব্যাপক খহনীয়া ৷ দেওবাৰে মৰাণত অসম জাতীয় পৰিষদত যোগদান কৰে অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলে ৷ অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ আৰু ৰাষ্ট্ৰীয় দল জাতীয় কংগ্ৰেছ নেতৃত্বৰ অভাৱত ভৱিষ্যত নিঃশেষ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম গ্ৰহণ কৰা অসম জাতীয় পৰিষদলৈ ঢাপলি মেলিছে দুয়োটা দলেৰে দলীয় নেতা কৰ্মী ৷
উল্লেখ্য যে, দেওবাৰে মৰাণৰ মন্দাকিনী হোটেলৰ সভাকক্ষত অসম গণ পৰিষদ দলৰ ৰাষ্ট্ৰীয় সম্পাদক জাকিৰ হুছেইনৰ নেতৃত্বত শতাধিক অগপ কৰ্মী আৰু কংগ্ৰেছ দলৰ কৰ্মীয়ে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ৷ মৰাণ বিধানসভা সমষ্টিৰ গৰুধৰীয়া, কলাখোৱা, কুটুহা, লেজাই, নাহৰণি, চেপন,গজপুৰীয়া গাঁও পঞ্চায়তৰ অগপ আৰু কংগ্ৰেছৰ কৰ্মীসকলে দলৰ প্ৰতি মোহভংগ হৈ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে ৷
লগতে পঢ়ক: বৰপেটাত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা