ডিব্ৰুগড়,১১ এপ্ৰিল: ডিব্ৰুগড় চহৰৰ পল্টন বজাৰৰ আতিকুৰ ৰহমান নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা উৎখাত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ । অবৈধভাৱে চলি থকা আধাৰ কাৰ্ডৰ কেন্দ্ৰটো ডিব্ৰুগড় সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, দণ্ডাধীশসহ আৰক্ষীৰ এক বৃহৎ দলে অভিযান চলাই বহু অপত্তিজনক নথি-পত্ৰ, নগদ ধন, সামগ্ৰী আদি জব্দ কৰাৰ লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে । দীৰ্ঘদিনৰে পৰা প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে আধাৰ কাৰ্ডৰ কাম চলাই থকাৰ সময়তে অৱশেষত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় চক্ৰটোক । আৰক্ষীয়ে লক্ষীমপুৰৰ দীপেন দলে, বিতোপন দেউৰী আৰু এবি দেউৰী নামৰ তিনিজন লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে, এই অভিযানত এআৰ ০১ এম ৮১৩০ নম্বৰৰ এখন টাটা নেক্সা গাড়ী জব্দ কৰাৰ লগতে নগদ এঘাৰ হেজাৰ পঞ্চাশ টকা জব্দ কৰে । তদুপৰি এটা কম্পিউটাৰ, লেপটপ, প্ৰিণ্টাৰ, লাইট, স্কেনাৰ মেচিন, আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীসহ বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে ।
উল্লেখ্য যে, আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰিবলৈ হ’লে জিলা প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন ৷ কিন্তু সকলো চৰকাৰী নীতি-নিয়ম উলংঘা কৰি আধাৰ কাৰ্ড কেন্দ্ৰটোত গোপনে কাম-কাজ চলি থকা বুলি খবৰ লাভ কৰি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে । আধাৰ কাৰ্ড কেন্দ্ৰসমূহ চৰকাৰী প্ৰশাসনৰ দ্বাৰা অনুমোদিত হ’ব লাগে ৷ তদুপৰি চৰকাৰী বিভাগৰ কাৰ্যালয় চৌহদত কেন্দ্ৰৰ কাম-কাজ চলাই নিয়াটো বাধ্যতামূলক ।
কিন্তু এই সকলো নীতি-নিয়ম ধোঁৱাচাঙত তুলি প্ৰশাসনৰ চকুত ধুলি দি অবৈধভাৱে বিভিন্ন স্থানত এনেদৰে আধাৰ কাৰ্ড কেন্দ্ৰৰ জৰিয়তে জন সাধাৰণক লুণ্ঠন চলাই আহিছে একাংশই । আৰক্ষীৰ উচিত তদন্তৰ জৰিয়তে ৰাজ্যৰ আন-আন স্থানতো এনে জাল পেলাই লুণ্ঠন অব্যাহত ৰখা বৃহৎ চক্ৰ উৎখাত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ