ETV Bharat / state

নাহৰকটীয়াত কংগ্ৰেছত যোগদান শতাধিক লোকৰ - জয়পুৰ ব্লক কংগ্ৰেছ

বুধবাৰে নাহৰকটীয়াত অনুষ্ঠিত এখন দলীয় সভাত প্ৰায় শতাধিক ভিন্ন দল-সংগঠনৰ লগতে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বহুকেইখন চাহ বাগিছাৰ লোকে কংগ্ৰেছ দলত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে ৷

কংগ্ৰেছত যোগদান শতাধিক লোকৰ
কংগ্ৰেছত যোগদান শতাধিক লোকৰ
author img

By

Published : Aug 19, 2020, 2:07 PM IST

নাহৰকটীয়া, 19 আগষ্ট: বুধবাৰে নাহৰকটীয়াস্থিত কল্যাণী বিবাহ বাহৰত চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ, জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হয় ৷ জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ কেওটৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে চাহ ও ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ, নাহৰকটীয়া সমষ্টিৰ প্ৰক্তন বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, অসম চাহ মজদুৰ সংঘ নাহৰকটীয়াৰ সভাপতি অবিৰাম কুমাৰ, ডিব্ৰুগড় জিলা যুৱ-কংগ্ৰেছৰ সভাপতি মিৰাজ হুছেইন ভূঞাৰ লগতে প্ৰায় 2 শতাধিক লোক ৷

নাহৰকটীয়াত কংগ্ৰেছত যোগদান শতাধিক লোকৰ

সভাখনত বিজেপি, অগপ, চিপিআই (এম), আটছা আদি ভিন্ন দল-সংগঠনৰ লগতে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বহুকেইখন চাহ বাগিছাৰ প্ৰায় শতাধিকৰো অধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত ৷ আনহাতে অনুকুল বতৰ আৰু সুচল যানবাহনৰ অভাৱৰ বাবে বহু লোক এই সভাত আহিব নোৱাৰাৰ বাবে উপস্থিত লোকসকলেহে যোগদান কৰে বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে ৷ বুধবাৰে অনুষ্ঠিত সভাত কংগ্ৰেছ দলত বহু লোকে যোগদান কৰা বিষয়টোৱে সমষ্টিটোৰ বাবে এক শুভ ইংগিত বহন কৰিছে বু্লিও উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ লগতে চাহ অধ্যুষিত এলেকাত কংগ্ৰেছৰ ভেটি আগৰ দৰেই মজবুত আছে বুলিও উল্লেখ কৰে তেওঁ ৷ বিজেপিয়ে কিছুমান মিছা প্ৰলোভন দি লোকসকলক তেওঁলোকৰ ফালে কৰিব বিচাৰিছিল যদিও, সেইবোৰ যে ক্ষন্তেকীয়া সেই কথা বৰ্তমান সকলোৱে বুজি পাইছে, যাৰ বাবে তেওঁলোক পুনৰ মূল সুঁতিলৈ ঘূৰি আহিছে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে প্ৰণতি ফুকনে ৷

লগতে পঢ়ক: কিয় আন্দোলনত নামিল সাংবাদিক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.