ETV Bharat / state

বাগিচাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰক ধন্যবাদ আটছাৰ

ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকসকলক ক’ভিড প্ৰতিষধক (Covid Vaccine) প্ৰদান কৰা কাৰ্যক আদৰণি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (AATSA) ডিমৌ আঞ্চলিক সমিতিৰ ৷ চাহ বাগিচাত 45 বছৰৰ উৰ্ধৰ চাহ শ্ৰমিকসকলক চৰকাৰে নিতৌ 100 টাকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে সংগঠনটোৱে ৷

aatsa-thanks-to-assam-govt
চৰকাৰক ধন্যবাদ আটছাৰ
author img

By

Published : Jun 17, 2021, 10:00 PM IST

মৰাণ,17 জুন : সম্প্ৰতি দেশৰ লগতে ৰাজ্যত ক’ভিড (Covid) সংক্ৰমণৰ মাত্ৰা কিছু হ্ৰাস পাইছে যদিও চাহ বাগিচা অঞ্চলত বৰ্তমানেও অব্যাহত আছে এই সংক্ৰমণ ৷ ৰাজ্যৰ প্ৰায় সংখ্যাক চাহ বাগিচাত ক’ভিডে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ । ক’ভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে যি প্ৰতিষেধক (Vaccine)ৰ ব্যৱস্থা কৰিছে, সেই সুবিধা প্ৰথম অৱস্থাত সকলো চাহ বাগিচাত উপলব্ধ নাছিল । কিন্তু স্বাস্থ্য বিভাগ আৰু বাগিচা কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত প্ৰতিখন চাহ বাগিচাতে প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে ।

মৰাণ, খোৱাং, ডিমৌৰ ৰাজমাই, আঠাবাৰী, মহখুঁটি আদি চাহ বাগিচাত 45 বছৰ বয়সৰ উৰ্ধৰ চাহ শ্ৰমিকসকলক চৰকাৰে নিতৌ 100 টাকৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যক আদৰণি জনাইছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক সমিতিয়ে ৷ এক সুন্দৰ ব্যৱস্থাৰ মাজেৰে স্বাস্থ্য বিভাগে প্ৰতিষেধক প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷

চৰকাৰক ধন্যবাদ আটছাৰ

ইয়াৰ বাবে চৰকাৰ, স্বাস্থ্য বিভাগ আৰু বাগিচাৰ পৰিচালক তথা বাগিচাৰ চিকিৎসক, আশাকৰ্মীসকলক ধন্যবাদ জনায় আটছা (AATSA) ডিমৌ শাখাৰ সম্পাদক বিশ্বনাথ নাগ, ভাৰপ্ৰাপ্ত সভাপতি ৰাজু ভূঞা, আটছা ৰাজমাই উপ -শাখাৰ সম্পাদক জয়ন্ত গোৱালা, মহখুঁটি উপ- শাখা সভাপতি মনোজ মালিৰ লগতে আঠাবাৰী উপ- শাখাই ৷

লগতে পঢ়ক : ভলীবল খেলুৱৈ কল্পনা কলিতালৈ চৰকাৰৰ এককালীন সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.