মৰাণ,31অক্টোবৰঃ শুকুৰবাৰে তাই আহোম ছাত্ৰ সন্থাৰ(আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা ৷ টেঙাখাত গান্ধী ভৱনত অনুষ্ঠিত এই সভাত আগন্তুক লাচিত দিৱস টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি সভাত তাই আহোম লোকৰ লোকপিয়ল, জনজাতিকৰণ ইত্যদি বিষয় সন্দৰ্ভত প্ৰচাৰ পত্ৰিকা বিতৰণ আদি বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
ইপিনে সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন, যুটীয়া সম্পাদক মুনিন গগৈ, তপন গগৈ, উপ-সভাপতি জিতেন গগৈ, ব্ৰজমণি ফুকনৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন মহকুমা, আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আটাছুৰ বহু সংখ্যক কৰ্মী ৷
লগতে পঢ়কঃ ফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ