ETV Bharat / state

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ৰিভাম্পেছন প্ৰকল্প শীঘ্ৰে সম্পন্ন কৰাৰ দাবীত আছুৰ ১০০ ঘন্টীয়া অনশন

author img

By

Published : Oct 15, 2019, 4:00 AM IST

নামৰূপ আছুৰ ১০০ ঘন্টীয়া অনশন কাৰ্যসূচী ৷ এনআৰপিপিৰ কাম অতিশীঘ্ৰে সম্পন্ন কৰা আৰু নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ তদন্ত বিচাৰি অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

নামৰূপ আছুৰ ১০০ ঘন্টীয়া অনশন কাৰ্যসূচী

ডিব্ৰুগড়,14 অক্টোবৰঃ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ৰিভাম্পেছন প্ৰকল্পৰ কাম এটা দশক অতিক্ৰম কৰি যোৱাৰ পাছতো সম্পন্ন হৈ নুঠাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক সমিতিয়ে প্ৰকল্পটোৰ এনে অনিশ্চয়তাকলৈ সোমবাৰৰ পৰা আৰম্ভ কৰিছে এশঘন্টীয়া অনশনৰ কাৰ্যসূচী ৷ উল্লেখ্য যে কংগ্ৰেছৰ শাসনকালতেই ২০০৯ চনতেই নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ নৱীকৰণ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব পোৱা ভেল নামৰ সংস্থাটোৱে আনকি নিৰ্ধাৰিত তিনিবছৰৰ আগতেই কেন্দ্ৰটোৰ পৰা বিদ্যুৎ উৎপাদন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিব বুলি সদৰীও কৰিছিল ৷ কিন্তু ২০১২ চনতো দূৰৰে কথা ২০১৯ চনতো প্ৰকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন সম্ভৱ হৈ নুঠিল ৷ লক্ষ্যণীয় যে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনৰ বৰ্ড সভাই চলিত অক্টোবৰ মাহৰ ২ তাৰিখে প্ৰকল্পটোৰ শুভাৰম্ভ কৰা হ’ব বুলি আজি কেইবামাহ পূৰ্বে আনুষ্ঠানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাক অৱগত কৰিছিল ৷ কিন্তু কাৰ্যতঃ উক্ত তাৰিখতো নতুন প্ৰকল্পটো আৰম্ভ কৰিব নোৱাৰাত কৰ্তৃপক্ষৰ প্ৰতি সন্দিহান হৈ পৰিছে ছাত্ৰ সংগঠনটো ৷ অনশন কাৰ্যত ভাগ লোৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে ৰিভাম্পেছন প্ৰকল্পৰ দায়িত্বত থকা বহিৰাগত কোম্পানী আৰু তাপবিদ্যুৎ কেন্দ্ৰটোৰ ঊৰ্দ্ধতন বিষয়া-বৰ্গৰ হেমাহিৰ বাবেই আজি দহবছৰেও প্ৰকল্পটো আৰম্ভ কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

নামৰূপ আছুৰ ১০০ ঘন্টীয়া অনশন কাৰ্যসূচী

আৰু পঢ়ক

Intro:নামৰূপ আছুৰ ১০০ ঘন্টীয়া অনশন কাৰ্যসূচীঃ
এন,আৰ,পি,পি ৰ কাম অতিশীঘ্ৰে সম্পন্ন কৰা আৰু নিৰ্মাণকাৰ্যৰ বিসংগতিৰ তদন্ত বিছাৰি এই অনশনঃ

এটা দশকতো সম্পূৰ্ণ নহ’ল ১০০ মেগাৱাট ক্ষমতাসম্পন্ন নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ৰিভাম্পেছন প্ৰকল্পৰ ৷উল্লেখ্য যে কংগ্ৰেছৰ শাসনৰ সময়তেই ২০০৯ চনত আৰম্ভ হৈছিল নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ নৱীকৰণ প্ৰকল্পৰ ৷ প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব পোৱা ভেল নামৰ সংস্থাটোৱে সদৰী কৰিছিল নিৰ্ধাৰিত তিনিবছৰতকৈ আগতেই সম্ভৱ হৈ উঠিব কেন্দ্ৰটোৰ পৰা বিদ্যুৎ উৎপাদন প্ৰক্ৰিয়া ৷ কিন্তু ২০১২ চন কিয় ২০১৯ চনতো প্ৰকল্পটোৰ পৰা বিদ্যুৎ উৎপাদন হোৱাৰ আশা দেখা নাই স্থানীয় ৰাইজে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক সমিতিয়ে প্ৰকল্পটোৰ এনে অনিশ্চয়তাকলৈ আজিৰে পৰা আৰম্ভ কৰিছে এশঘন্টীয়া অনশনৰ কাৰ্যসূচী ৷Body:লক্ষ্যণীয় যে এন.টি.পি.এছৰ বৰ্ড সভাই চলিত অক্টোবৰ মাহৰ ২ তাৰিখেই প্ৰকল্পটোৰ শুভাৰাম্ভ কৰা হ’ব বুলি আজি কেইবামাহ পূৰ্বে আনুষ্ঠানিক সিদ্ধান্তলৈ ছাত্ৰ সংগঠনটোক জানিবলৈ দিছিল ৷ কিন্তু কাৰ্যতঃ উক্ত তাৰিখতো নতুন প্ৰকল্পটো আৰম্ভ কৰিব নোৱাৰাত কৰ্তৃপক্ষৰ প্ৰতি সন্দেহ ঘনীভূত হৈছে ছাত্ৰসংগঠনটোৰ ৷ যাৰবাবে প্ৰতিবাদী কাৰ্যসূচীত লিপ্ত হ’বলগীয়া হৈছে তেওঁলোক ৷
Conclusion:ইফালে অনশনস্থলীত অংশগ্ৰহণকাৰীসকলে ৰিভাম্পেছন প্ৰকল্পৰ দায়িত্বত থকা বহিৰাগ’ত কোম্পানী আৰু তাপবিদ্যুৎ কেন্দ্ৰটোৰ ঊৰ্দ্ধতন বিষয়াগণৰ হেমাহিৰ বাবেই আজি দহবছৰেও প্ৰকল্পটো আৰম্ভ কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উৎত্থাপন কৰে ৷

Byte. AASU leader
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.