নাহৰকটীয়া, 31 আগষ্ট : নাহৰকটীয়াৰ চাচনীত মহামাৰী কৰ'ণাৰ ভয়াবহতাকো নেওচি নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপন খচৰা 2020 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে পুৱা 9 বজাৰ পৰা 24 ঘণ্টীয়া এক অনশন কাৰ্যসূচী ৰূপায়ন কৰি চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়বৱীয়াৰ লগতে অৰ্ধশতাধিক চাচনীবাসীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, বিগত সময়ত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীৰে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰা চাচনীবাসীয়ে CAA বিৰুদ্ধে আইনী যুঁজ দিবলৈ সদৌ অসম ছাত্ৰ সন্থালৈ আগবঢ়াইছিল 400 কুইণ্টল ধান ৷ ইফালে চৰকাৰে এই দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত পুনৰ জংগী আন্দোলনৰ মুখামুখী হ'ব লাগিব বুলিও চৰকাৰক সকিয়াই দিয়ে চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অঞ্জনজ্যোতি নেওগে ৷
লগতে পঢ়কঃ জামুগুৰিহাটৰ টুপীয়া ব্যৱসায়িক কেন্দ্ৰস্থলত ৩ দিনৰ লকডাউন ঘোষণা বণিক সন্থাৰ