মৰাণ,৩ ফেব্ৰুৱাৰী : যোৱা ২৪ ডিচেম্বৰত ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (AASU ACP clash in Dibrugarh) ৷ এই ঘটনাই পাছত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু ঘটনাত কেইবাজনো ছাত্ৰ আহত হয় ৷ তাৰ পাছতেই আৰক্ষীয়ে ডিব্ৰুগড়স্থিত আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আটক কৰে কেইবাজনো আছুৰ সদস্য়ক ৷
আছুৰ কাৰ্যালয়ত আৰক্ষী প্ৰৱেশ কৰি আছু নেতাক আটক কৰাৰ পাছৰে পৰা ডিব্ৰুগড় আৰক্ষী আৰু আছুৰ মাজত তীব্ৰ মতানৈক্য আৰম্ভ হয় । আছুৰ অভিযোগ ডিব্ৰুগড়ৰ আৰক্ষীয়ে শ্বহীদক অপমান কৰিছে । লগতে আছু কৰ্মীক প্ৰহাৰ কৰাৰো অভিযোগ আৰক্ষীৰ বিৰুদ্ধে । ইতিমধ্যে আছুৱে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ অব্যাহত ৰাখিছে (AASU protest in Dibrugarh)।
পুনৰ ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা । এইবাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক বৰ্খাস্তৰ দাবীত আছুৰ ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰৰ নেতৃত্বত ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত আছুকৰ্মী সকলে ন্যায় বিচাৰি সত্যাগ্ৰহ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ঋতুৰাজ মিলি, শিক্ষা সম্পাদক অনুজ হালৈৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মীসকল । আনহাতে টিংখাঙত টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু খোৱাং আঞ্চলিক ছাত্ৰ সন্থাইও ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক :গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে প্ৰতিবাদৰ ঘোষণা