টিংখাং,7 নৱেম্বৰ: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়তো এই বিক্ষোভ প্ৰদৰ্শন কৰে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ আছুৰ সদস্যসকলে হাতে হাতে কাঁহী-বাটি লৈ, আলু-পিঁয়াজৰ মালা পিন্ধি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে পৰিৱেশ ৷
লগতে চাওকঃ সৰভোগত পথ দুৰ্ঘটনাত নিহত দুই